হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ। শোকাৱহ ঘটনাই এতিয়া কন্দুৱাইছে সকলোকে।
যোৰহাটত শোকাৱহ ঘটনা। সন্তানৰ ফলাফল আনিবলৈ যাওঁতেই বিদ্যালয়ৰ মজিয়াত ঢলি পৰি মৃত্যুক সাৱটিলে পিতৃয়ে। যোৰহাটৰ ছেমফৰ্ড বিদ্যালয়ত এই ঘটনা। বিদ্যালয়ত প্ৰৱেশৰ সময়তে ঢলি পৰিছিল কাছগড়াল সোণাৰী গাঁৱৰ দীপাংকৰ বৰদলৈ নামৰ লোকজন। বিদ্যালয়ৰ CCTVত বন্দী হ’ল সমগ্ৰ দৃশ্য। ঘটনাৰ পাছতেই শোকৰ ছাঁ পৰিছে যোৰহাটত।
