আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই। আনকি ভোট গ্ৰহণ হ’বলৈ ডেৰ বছৰ সময় লাগিব পাৰে। সোমবাৰে সেই কথা স্পষ্ট কৰি দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। একে সময়তে তেওঁ এই কথাও স্পষ্ট কৰি দিলে যে- আমেৰিকাই আপাততঃ দক্ষিণ আমেৰিকাৰ দেশখনক নিয়ন্ত্ৰণ কৰিব।

ট্ৰাম্পে দাবী কৰিছে যে, তেওঁলোকে প্ৰথমে ভেনিজুৱেলাৰ সংস্কাৰ কৰিব। তেতিয়াহে তাত ভোট হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, “আমি প্ৰথমে সেই দেশখন (ভেনিজুৱেলা) ঠিক কৰিব লাগিব। এতিয়া তাত নিৰ্বাচন হ’ব নোৱাৰে। এতিয়া তাত সাধাৰণ মানুহে ভোট দিয়াৰ কোনো উপায় নাই।”

ভেনিজুৱেলাত এই সংস্কাৰৰ বাবে যথেষ্ট সময় লাগিব বুলিও ট্ৰাম্পে বিশ্বাস কৰে। সোমবাৰে দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “কিছু সময় লাগিব, আমি প্ৰথমে সেই দেশখনক সুস্থ কৰিব লাগিব।” ট্ৰাম্পে ভাবে যে- ইয়াৰ বাবে প্ৰায় ১৮ মাহ সময় লাগিব পাৰে। অৱশ্যে পিছত তেওঁ ক’লে, “হয়তো কম সময়তে আমি কৰিব পাৰিম। কিন্তু ইয়াৰ বাবে বহুত টকা লাগিব।” আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “বহুত টকা খৰচ কৰিব লাগিব (ভেনিজুৱেলাত সংস্কাৰৰ বাবে)। তেল কোম্পানীয়ে খৰচ কৰিব। পিছত তেওঁলোকে সেই ধন আমাৰ পৰা বা ৰাজহৰ জৰিয়তে ঘূৰাই পাব।”

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক নিজৰ ৰাজপ্ৰসাদৰ পৰা লৈ গৈছে আমেৰিকাৰ সেনাই। বৰ্তমান আমেৰিকাৰ আইন অনুসৰি নিউয়ৰ্কৰ আদালতত তেওঁৰ বিচাৰ আৰম্ভ হৈছে। মাদুৰোৰ অনুপস্থিতিত সোমবাৰে উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। অৱশ্যে সোমবাৰে ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে, আমেৰিকাই সেই দেশত বৰ্তমান কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে।

ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত সামৰিক অভিযানত মাদুৰোক অপহৰণ কৰিছে আমেৰিকাই। কাৰাকাছতো বোমা নিক্ষেপ কৰিছে। অৱশ্যে ট্ৰাম্পে দাবী কৰিছে যে- আমেৰিকাই ভেনিজুৱেলাৰ সৈতে যুদ্ধত লিপ্ত হোৱা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, “আমাৰ যুদ্ধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে। আমি এনে লোকৰ বিৰুদ্ধে যুঁজি আছো যিয়ে নিজৰ দেশৰ পৰা বন্দী আৰু ড্ৰাগছ আসক্তক আমাৰ দেশলৈ পঠিয়াই দিয়ে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET UG পুনঃপৰীক্ষাৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা; দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম

NEET UG পৰীক্ষাৰ পূৰ্বে চৰকাৰে অস্থায়ীভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ...

কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে...

বুধবাৰৰ দিনটো মেছিৰ বাবে উল্লেখযোগ্য; এইবাৰৰ বিশ্বকাপ মেছিৰ বাবে অন্তিম বিশ্বকাপ হ’ব নেকি?

চলি আছে বিশ্বকাপ ফুটবল। এতিয়াও খেলপথাৰত নমা নাই বিশ্বকাপৰ...