ইউটিউবত ভিডিঅ’ চাই প্ৰিন্ট কৰিলে লাখ লাখ টকাৰ নোট; দশম শ্ৰেণীলৈকে পঢ়া বিবেকে প্ৰিন্টিং প্ৰেছত কাম শিকি কৰিলে এই কাম…

মধ্য প্ৰদেশ আৰক্ষীয়ে নকল নোট প্ৰস্তুত কৰা এটা ডাঙৰ গেঙক কৰায়ত্ত কৰিছে। আৰক্ষীয়ে ভূপাল, খাণ্ডৱা আৰু ৰতলামত অভিযান চলাই কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাস্থলীৰ পৰা লাখ লাখ টকাৰ নকল নোট উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে এতিয়া অভিযুক্তসকলৰ পৰা তেওঁলোকৰ সম্পূৰ্ণ ৰেকেটৰ বিষয়ে সোধ-পোচ কৰি আছে। আৰক্ষীয়ে মূল অভিযুক্তক ভূপালৰ পৰা গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তই জনোৱা অনুসৰি, ইউটিউব চাই নকল নোট ছপা কৰাৰ আইডিয়া পাইছিল তেওঁলোকে।

আৰক্ষীয়ে তথ্যৰ ভিত্তিত অভিযুক্ত বিবেক যাদৱৰ ঘৰৰ পৰা নকল নোটৰ বনোৱা সা-সৰঞ্জাম উদ্ধাৰ কৰিছে। অভিযুক্তই নিজৰ কোঠাত প্ৰিণ্টাৰ আৰু স্কেনাৰৰ সহায়ত ৫০০ টকীয়া নকল নোট ছপা কৰি আছিল। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে, অভিযুক্তই বিগত এবছৰত প্ৰায় ৬ লাখ টকাৰ নকল নোট বজাৰলৈ উলিয়াই দিছিল। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ২ লাখ টকাতকৈ অধিক প্ৰস্তুত কৰা নকল নোট আৰু যন্ত্ৰসমূহ জব্দ কৰিছে। এই সন্দৰ্ভত ভূপালৰ আৰক্ষী কমিছনাৰ হৰিনাৰায়ণ মিশ্ৰই কয় যে, অভিযুক্ত কেৱল দশম শ্ৰেণী পাছ। তেওঁ ইউটিউব চাই নকল নোট বনোৱা শিকিছে। অভিযুক্তৰ কোনো গেঙৰ সৈতে সম্পৰ্ক আছেনে নাই, সেইটো তদন্ত কৰি থকা হৈছে।

অভিযুক্তই ভূপালৰ পিপলানি এলেকাৰ শান্তি নগৰৰ সৰু সৰু দোকানত ৫০০ টকীয়া নকল নোট দি আছিল। বিনিময়ত কেৱল ২০ বা ৫০ টকাৰ বস্তু কিনি আছিল। তাৰ পিছত তেওঁ সহজে আচল নোট পাইছিল। এইদৰেই অভিযুক্তই নকল নোট চলাইছিল। বিগত প্ৰায় এবছৰত অভিযুক্তই ৬ লাখ টকাৰ নকল মুদ্ৰা বজাৰত খটাইছে। কাৰো সন্দেহ নোহোৱাত অভিযুক্তই এই কাম অব্যাহত ৰাখিছিল।

অভিযুক্তই ১০ বছৰ প্ৰিণ্টিং প্ৰেছত কাম কৰিছে… 

আৰক্ষী তদন্তত পোহৰলৈ আহিছে যে, স্থানীয় ব্যৱসায়ীসকলৰ সচেতনতা আৰু অভিযোগৰ পিছত অভিযুক্তক ধৰা হৈছে। অভিযুক্তই দোকানীসকলক কৈছিল যে, এক লাখ টকা দিম, এৰি দিয়ক। এই কথা কোৱাত ব্যৱসায়ীসকলে অভিযুক্তৰ ভিডিঅ’ কৰি লৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, বিবেক যাদৱে ১০ বছৰ প্ৰিণ্টিং প্ৰেছত কাম কৰিছে। অভিযুক্তই জাৰ্মান কিতাপ পঢ়াৰ লগতে ইউটিউবত ভিডিঅ’ চাই নকল নোট ছপা কৰা আৰম্ভ কৰিছিল।

খাণ্ডৱাৰ মাদ্ৰাছাৰ পৰাও লাখ টকাৰ নোট উদ্ধাৰ 

খাণ্ডৱাত আৰক্ষীয়ে এখন মাদ্ৰাছাত অভিযান চলাই প্ৰায় ১৯ লাখ টকাৰ নকল নোট উদ্ধাৰ কৰিছে। তদন্তত পোহৰলৈ আহিছে যে, নোটসমূহ বিভিন্ন ৰাজ্যলৈ যোগান ধৰা হৈছিল। আৰক্ষীয়ে প্ৰিণ্টিং সামগ্ৰী, কাগজ আৰু অসম্পূৰ্ণ নোটো জব্দ কৰিছে। এই ঘটনাত কিছু লোকক আটক কৰি জেৰা চলোৱা হৈছে।

ৰতলামত আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। কোৱা হৈছে যে, ধৰা পৰা অভিযুক্তসকলে ৰে’ল আৰু বাছ ষ্টেণ্ড এলেকাত নকল ২০০ আৰু ৫০০ টকীয়া নোট আদান-প্ৰদানৰ চেষ্টা কৰি আছিল। তালাচী লওঁতে অভিযুক্তসকলৰ পৰা প্ৰচুৰ পৰিমাণে নকল নোট উদ্ধাৰ হৈছে। আৰক্ষীৰ মতে, দুয়োজন কোনো বাহিৰা নেটৱৰ্কৰ সৈতে জড়িত থকাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ পৰা সোধ-পোচৰ ভিত্তিত গেঙৰ বাকী সদস্যসকলৰ সন্ধান চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...