ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কলিয়াবৰৰ কণমাণি কিশোৰীক

ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কলিয়াবৰৰ কণমাণি কিশোৰীক। ১৪ বছৰীয়া কিশোৰ ভাতৃৰ কামনাৰ বলি হৈছিল ৮ বছৰীয়া ভগ্নী। ধৰ্ষণৰ পাছতে হত্যা কৰি গাঁত খান্দি পুতি ৰখা হৈছিল মৃতদেহ। অৱশেষত ৰহস্য ভেদ হ’ল কলিয়াবৰৰ বৰঘূলিৰ কিশোৰী হত্যাৰ সেই শিহৰণকাৰী ঘটনাৰ। ক’বলৈ আৰু শুনিবলৈ লাজ লগা এই জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ কলিয়াবৰ। ৮ ছেপ্টেম্বৰত বৰদেউতাকৰ পুত্ৰই কণমানি কিশোৰীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰি গাঁত খান্দি পুতি থৈছিল। পৰিয়াল তথা স্থানীয় লোকে সন্ধানহীন হোৱা বুলি বিচাৰ–খোচাৰ কৰাত বৰদেউতাকৰ ঘৰৰ কাষতেই উদ্ধাৰ হৈছিল মৃতদেহ। ঘটনাস্থলীত উলুৱনি আৰক্ষী উপস্থিত হয় অনুসন্ধান কৰাত ওলাই পৰে উৰহী গছৰ ওৰ। ১৪ বছৰীয়া কিশোৰৰ বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তিত PCOSO আইনৰ ধাৰাত আৰক্ষীয়ে ৰুজু কৰে গোচৰ। গ্ৰেপ্তাৰ কৰে ১৪ বছৰীয়া কিশোৰ ধৰ্ষণকাৰীক। পিতৃ ওৱাজ উদ্দিন, মাতৃ ফৰিদা খাতুন, আইতাক খুছিমন নেচাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৪ অভিযুক্তৰ গ্ৰেপ্তাৰৰ পাছতে কলিয়াবৰবাসীৰ দাবী– উচিত শাস্তি বিহিব লাগে হত্যাকাৰীক। ইপিনে ঘটনা সন্দৰ্ভত বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে চুলুং আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...