আমেৰিকাক নেতৃত্ব দিবলৈ সাজু উপ-ৰাষ্ট্ৰপতি জে.ডি ভান্স; এই চৰ্চাই কি সূচাইছে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জেডি ভান্সে যিকোনো বিপৰ্যয়ত আমেৰিকাৰ নেতৃত্ব দিবলৈ প্ৰস্তুত। বৃহস্পতিবাৰে আমেৰিকাৰ এটা সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত তেওঁ নিজৰ ভৱিষ্যৎ পৰিকল্পনাৰ কথা জনাইছে। তেওঁক সোধা হৈছিল, তেওঁ আমেৰিকাক নেতৃত্ব দিবলৈ প্ৰস্তুত নে? ভান্সে কৈছে, “যদি কোনো ভয়াৱহ বিপৰ্যয় হয়, তেন্তে মই প্ৰস্তুত।”

ভান্সে বিপৰ্যয় বুলি কি বুজাইছে, সেয়া স্পষ্ট নহয়, কাৰণ তেওঁ তাৰ ব্যাখ্যা দিয়া নাই। কিন্তু তেওঁৰ এই মন্তব্যৰ পাছত জল্পনা-কল্পনাৰ আৰম্ভ হৈছে। কাৰণ, কোনো কাৰণত পদচ্যুত নহ’লে বা ইস্তাফা নিদিলে ২০২৮ চনৰ জানুৱাৰীলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পেই থাকিব বুলি ধাৰণা কৰা হৈছে। আৰু তেওঁৰ ডেপুটি হিচাপে থাকিব ভান্স। সাক্ষাৎকাৰত মাৰ্কিন ভাইচ প্ৰেচিডেণ্টজনে জনাইছে যে, অশীতিপৰ ট্ৰাম্পৰ স্বাস্থ্য ‘ভাল’ অৱস্থাত আছে। তেওঁ ট্ৰাম্পৰ জীৱন শক্তিৰ প্ৰশংসা কৰি কৈছে, “মই নিশ্চিত যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ভালে আছে। তেওঁ পূৰ্ণ ম্যাদ শেষ কৰিব আৰু আমেৰিকাৰ নাগৰিকৰ বাবে অসাধাৰণ কাম কৰিব।” ট্ৰাম্পৰ প্ৰশংসা কৰি ভান্সে আৰু কৈছে, “তেওঁ (ট্ৰাম্প) গভীৰ নিশা পৰ্যন্ত কাম কৰে আৰু পুৱা সোনকালে উঠে।”

তথাপি ভান্সৰ এই মন্তব্যৰ ফলত জল্পনা-কল্পনা কিন্তু থমকি ৰোৱা নাই। শেহতীয়াকৈ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকৰ সময়ত ট্ৰাম্পৰ হাতত ক’লা দাগ দেখা গৈছিল। প্ৰবীণ ট্ৰাম্পৰ শাৰীৰিক অৱস্থা ঠিকে আছে নে নাই, তাকে লৈ নানা জল্পনা-কল্পনা আৰম্ভ হৈছে। এই বিষয়ে হোৱাইট হাউচৰ ফালৰ পৰা একো জনোৱা হোৱা নাই। কিন্তু যিকোনো বিপৰ্যয়ত ৰাষ্ট্ৰপতি হ’বলৈ প্ৰস্তুত বুলি ইংগিত দি ভান্সে নতুন চৰ্চাৰ সৃষ্টি কৰিছে বুলি ধাৰণা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...