লৰেন্স বিষ্ণোই গেঙৰ ভাবুকি আওকাণ কৰি ছলমানে উলহ-মালহেৰে পাতিলে গণেশ চতুৰ্থী

যোৱা বছৰ ছলমান খানৰ বাসগৃহত দুৰ্বৃত্তই গুলীচালনা কৰিছিল। তাৰ পাছৰে পৰা তেওঁ ২৪ ঘণ্টাই কঠোৰ নিৰাপত্তাৰ মাজত চলা-ফুৰা কৰে। যদিও এই নিৰাপত্তা তেওঁৰ বাবে সুখকৰ নহয় বুলি অভিনেতাজনে নিজেই জনাইছে। মুম্বাইৰ ফ্লেটৰ খোলা বাৰাণ্ডা তেওঁ বুলেটপ্ৰুফ কাঁচেৰে ঢাকিছে।

এই বছৰৰ আৰম্ভণিৰে পৰা বলীউডৰ ভাইজানে কিছু স্বস্তিৰ মাজত আছিল, কিন্তু লৰেন্স বিষ্ণোইয়ে আকৌ হুমকি দিবলৈ আৰম্ভ কৰিছে। ছলমানৰ সৈতে যিয়েই কাম কৰিব, তেওঁলোকক গুলী কৰি মাৰি পেলোৱাৰ হুমকি দিছে। প্ৰয়োজন হ’লে মুম্বাইত ‘AK47’ চলিব আৰু কানাডাত কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি বিষ্ণোইয়ে এনে হুমকি দিছে। কপিলৰ দোষ এয়ে যে, তেওঁ নিজৰ সাক্ষাৎকাৰভিত্তিক অনুষ্ঠানত ছলমানক আমন্ত্ৰণ জনাইছিল।

নতুনকৈ হুমকি পোৱাৰ পাছত ছলমানৰ কপালত যেন আকৌ চিন্তাৰ ভাঁজ পৰিছে। তথাপিও ছলমান ভয়তে ঘৰত বহি থকা মানুহ নহয়। প্ৰতি বছৰ তেওঁ ঘৰত ধুমধামেৰে গণেশ চতুৰ্থী পালন কৰে। এইবাৰ গণপতি বিসৰ্জনতো তেওঁ ঢাক-ঢোলৰ সৈতে নাচি নাচি সমুদ্ৰ তীৰলৈ গৈছিল। তেওঁৰ সৈতে বায়েক অৰ্পিতা খান শৰ্মা, ভিনিহিয়েক আয়ুষ শৰ্মা আৰু আন কেইবাজনকো নাচি থকা দেখা গৈছিল। ছলমানৰ ঘৰৰ পূজাত অংশ লৈছিল অভিনেত্ৰী সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ভাইচ মাৰ্শ্বাল শক্তি শৰ্মাই ৰচিলে ইতিহাস! কিয় বিশেষ এই সাফল্য?

ভাৰতীয় বায়ুসেনাত মহিলাৰ নতুন মাইলষ্টোন। এয়াৰ ভাইচ মাৰ্শ্বাল পদত...

৪ ছেপ্টেম্বৰক ‘অসম শিক্ষক শিক্ষা দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত সদৌ অসম ডায়েট বিষয়া সন্থাৰ

সদৌ অসম ডায়েট বিষয়া সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন গুৰুত্বপূৰ্ণ...

বেঁকী নদীৰ জলস্তৰ বৃদ্ধিৰ আশংকা, সতৰ্কতামূলক জাননী বৰপেটা জিলা প্ৰশাসনৰ

কুৰিছু বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত বেঁকী নদীৰ...

পাকিস্তানত ধ্বংস শতবৰ্ষীয় হিন্দু মন্দিৰ, মন্দিৰৰ স্থানত নিৰ্মাণ হ’ব মাদ্ৰাছা

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ নাৰোৱাল জিলাৰ ছিৰাজ গাঁৱত ১০০ বছৰতকৈও...