ট্ৰাম্পৰ হাতত মেকআপৰ আৱৰণ; কি ৰোগত আক্ৰান্ত হৈছে ড’নাল্ড ট্ৰাম্প?

হাতত মেকআপৰ আৱৰণ! এটি দৃষ্টিতে স্পষ্ট হৈ পৰিছে যে, প্ৰায় আশীৰ ওচৰা-ওচৰি বয়সৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হাতত ফাউণ্ডেচনৰ আৱৰণ লাগি আছে। এই বিষয়ে পুনৰ বিভিন্ন মহলত জল্পনা-কল্পনা আৰম্ভ হৈছে। ড’নাল্ড ট্ৰাম্পৰ স্বাস্থ্যৰ বিষয়েও উদ্বেগ বাঢ়িছে।

শুকুৰবাৰে ৱাশ্বিংটনৰ পিপলছ হাউচ মিউজিয়ামৰ এখন প্ৰদৰ্শনীলৈ গৈছিল ট্ৰাম্প। হঠাৎ লক্ষ্য কৰা গ’ল যে, তেওঁৰ হাতত তেওঁৰ ছালৰ ৰঙতকৈ পাতল ৰঙৰ এটা আৱৰণ আছে। দেখাত এনে লাগিছিল যেন তেওঁৰ হাতত ফাউণ্ডেচনৰ দৰে কিবা এটা লগোৱা হৈছে। তাৰ পিছত শুকুৰবাৰে দিনৰ ভাগত ওভাল অফিচত আন এটা অনুষ্ঠানত ভাষণ দিবলৈ গৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি। এইবাৰ অৱশ্যে ট্ৰাম্প আগতীয়াকৈ সতৰ্ক আছিল। গোটেই সময়খিনি বাওঁহাতেৰে সোঁহাতৰ ওপৰৰ অংশ ঢাকি ৰখাৰ যথেষ্ট চেষ্টা কৰিছিল। কিন্তু উঠি থিয় হওতে মেকআপখিনি পুনৰ দৃশ্যমান হৈ পৰিল।

ট্ৰাম্পৰ হাতৰ সেই ছবি বিয়পি পৰাৰ লগে লগে ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ বিষয়ে জল্পনা-কল্পনাৰ আৰম্ভ হৈছে। হোৱাইট হাউচৰ প্ৰেছ ছেক্ৰেটাৰী কেৰ’লিন লেভিটে এই বিষয়ে ব্যাখ্যা দি জনাইছে যে, ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পে প্ৰতিদিনে বহু লোকৰ সৈতে কৰমৰ্দন কৰিবলগীয়া হয়। মেকআপৰ বিষয়ে পোনপটীয়াকৈ একো নক’লেও সম্ভৱতঃ সেই প্ৰসংগতেই এই ব্যাখ্যা দিয়া হৈছে। কেৰ’লিনে কয়, “ৰাষ্ট্ৰপতি ট্ৰাম্প জনগণৰ মানুহ। ইতিহাসৰ অন্য যিকোনো ৰাষ্ট্ৰপতিতকৈ তেওঁ প্ৰতিদিনে বহু বেছি আমেৰিকানৰ সৈতে সাক্ষাৎ কৰে। প্ৰত্যেকৰে সৈতে তেওঁ কৰমৰ্দনো কৰিবলগীয়া হয়।”

কিন্তু ট্ৰাম্পৰ হাতত মেকআপ প্ৰথম নহয়! বিগত ২৪ ফেব্ৰুৱাৰীত হোৱাইট হাউচত ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰনৰ সৈতে বৈঠকতো একেধৰণৰ মেকআপ তেওঁৰ হাতত দেখা গৈছিল। জুলাইৰ শেষৰ ফালে স্কটলেণ্ডত ইউৰোপীয় কমিছনৰ সভাপতি উৰচুলা ভন ডেৰ লেয়েনৰ সৈতে সাক্ষাতৰ সময়তো ট্ৰাম্পে হাতত ফাউণ্ডেচনৰ প্ৰলেপ লগাইছিল। কিন্তু হোৱাইট হাউচৰ সূত্ৰৰ খবৰ, ট্ৰাম্প দীৰ্ঘস্থায়ী শিৰাজনিত ৰোগত ভুগি আছে। সাধাৰণতে দীৰ্ঘ সময় ধৰি থিয় হৈ বা বহি থাকিলে এনে ৰোগ হ’ব পাৰে। বিভিন্ন সূত্ৰত চৰ্চা চলিছে, সম্ভৱতঃ সেই ৰোগ ঢাকিবলৈকে ট্ৰাম্পে মেকআপৰ আৱৰণ লগাইছে। আনহাতে, হোৱাইট হাউচৰ চিকিৎসক কেপ্টেইন শ্বন বাৰ্বাবেলাই জনাইছে যে, হৃদৰোগৰ বাবে এছপিৰিন গ্ৰহণৰ ফলতো ট্ৰাম্পৰ হাতত দাগ থাকিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...