‘চাপ বৃদ্ধি হ’লেও আমি আত্মসমৰ্পণ নকৰো’; আমেৰিকাৰ ৫০ শতাংশ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ এই বাৰ্তা

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৫০ শতাংশ শুল্ক-জৰিমনাৰ ভাবুকি আৰু নতুন দিল্লী-ৱাশ্বিংটনৰ মাজত বাণিজ্য চুক্তিৰ অনিশ্চয়তাৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে তেওঁৰ অৱস্থান অটল। সোমবাৰে নিজ ৰাজ্য গুজৰাটত উপস্থিত হৈ তেওঁ ঘোষণা কৰে, “আমাৰ ওপৰত চাপ বাঢ়িব পাৰে, কিন্তু আমি তাক সহ্য কৰিম।”

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বৰ্ধিত শুল্কৰ ফলত ভাৰতীয় অৰ্থনীতিত সম্ভাৱ্য ক্ষতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক নাম নোলোৱাকৈ দোষাৰোপ কৰিছে। তেওঁৰ মন্তব্যত ক’লে, “৬০-৬৫ বছৰ ধৰি ভাৰতক শাসন কৰা দলটোৱে ‘আমদানি কেলেংকাৰী’ৰ বাবেই আজি আমাৰ দেশ আন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।” ঘটনাক্ৰমে, আগন্তুক বুধবাৰ (২৭ আগষ্ট)ৰ পৰা ভাৰতীয় পণ্যৰ ওপৰত ৫০ শতাংশ শুল্ক (২৫ শতাংশ জৰিমনাৰ সৈতে) কাৰ্যকৰী কৰিবলৈ গৈ আছে ট্ৰাম্প চৰকাৰ। তাৰ দুদিন পূৰ্বে আহমেদাবাদত সোমবাৰৰ সভাত মোদীয়ে ক’লে, “যিমানেই চাপ নাহক কিয়, আমি তাৰ মোকাবিলা কৰিবলৈ শক্তি বৃদ্ধি কৰি যাম। আমি আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প লৈছিলোঁ। সেই সংকল্পৰ পথত আমি বহু দূৰ আগবাঢ়িছো। দেশ শক্তিশালী হৈছে।”

বৰ্তমান গোটেই বিশ্বতে অৰ্থনৈতিক অগ্ৰাধিকাৰৰ ওপৰত ভিত্তি কৰি নীতি গঠন হৈছে বুলিও সোমবাৰে মোদীয়ে দাবী কৰে। একে সময়তে তেওঁৰ চৰকাৰৰ নীতি গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰো স্পষ্ট কৰি দিছে। প্ৰধানমন্ত্ৰীয়ে ক’লে, “মোদীৰ বাবে কৃষক, গৰু-ম’হ পালক আৰু ক্ষুদ্ৰ শিল্পৰ স্বাৰ্থই সৰ্বাধিক গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব।” শেহতীয়া এক সমীক্ষাৰ মতে, ট্ৰাম্প চৰকাৰে ভাৰতীয় পণ্যৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিলে প্ৰায় ৪০০০ কোটি ডলাৰৰ ৰপ্তানি ক্ষতিগ্ৰস্ত হ’ব।

কিন্তু দেশৰ ভিতৰৰ বজাৰত ক্ৰয়-বিক্ৰয় বৃদ্ধি কৰিলে এই ক্ষতি কিছু পৰিমাণে চম্ভালিব পৰা যাব। ইয়াৰ উপৰিও নতুন বিনিয়োগ আকৰ্ষণৰ পথ মুকলি কৰিলে শুল্কৰ প্ৰভাৱ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি কিছু অৰ্থনীতিবিদে মত প্ৰকাশ কৰিছে। আহমেদাবাদৰ সভাত সেই লক্ষ্যৰে মোদীয়ে জনতাৰ ওচৰত আহ্বান জনায়, “আমি সকলোৱে কেৱল ‘ভাৰতত নিৰ্মিত পণ্য কিনাৰ মন্ত্ৰ’ পালন কৰা উচিত। ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰতিষ্ঠানৰ বাহিৰত এখন ডাঙৰ ব’ৰ্ড ওলোমাই দিব লাগে, য’ত লিখা থাকিব যে, তেওঁলোকে কেৱল স্বদেশী পণ্য বিক্ৰী কৰে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...