বুধবাৰৰ পৰা ভাৰতীয় পণ্যৰ ওপৰত আমেৰিকাই অতিৰিক্ত ২৫ শতাংশ শুল্ক কাৰ্যকৰী কৰিব। নতুন দিল্লীৰ ওপৰত শুল্কৰ আঘাতৰ কথা আগতীয়াকৈ ঘোষণা কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰ ট্ৰাম্প প্ৰশাসনে এই সন্দৰ্ভত নিৰ্দেশিকাও তৈয়াৰ কৰি উলিয়াইছে। এই নিৰ্দেশিকা এতিয়াও চৰকাৰীভাৱে প্ৰকাশ কৰা নাই। কিন্তু নিৰ্দেশিকাৰ খচৰা ইতিমধ্যে আমেৰিকাৰ চৰকাৰী ৱেবছাইটত প্ৰকাশ পাইছে। বুধবাৰৰ ভিতৰত এইটো চৰকাৰীভাৱে ঘোষণা কৰাৰ কথা। বুধবাৰৰ পুৱা (ভাৰতীয় সময় অনুসৰি) আমেৰিকালৈ ৰপ্তানি কৰা ভাৰতীয় পণ্যৰ ওপৰত ট্ৰাম্প প্ৰশাসনে ৫০ শতাংশ শুল্ক ল’ব।
আমেৰিকাৰ শুল্ক আৰু সীমান্ত সুৰক্ষা বিভাগৰ জৰিয়তে এই নিৰ্দেশিকা তৈয়াৰ কৰিছে ট্ৰাম্প প্ৰশাসনৰ হোমলেণ্ড চিকিউৰিটি বিভাগে। নিৰ্দেশিকা অনুসৰি, ২৭ আগষ্ট আমেৰিকাৰ পূৰ্বাঞ্চলীয় সময়ত (ইষ্টাৰ্ন টাইম জ’ন) ৰাতি ১২ বাজি ১ মিনিটৰ পৰা এই শুল্ক কাৰ্যকৰী হ’ব। অৰ্থাৎ, ভাৰতীয় সময় অনুসৰি, বুধবাৰৰ পুৱা ৯ বাজি ৩১ মিনিটৰ পৰা আমেৰিকাৰ প্ৰশাসনে এই অতিৰিক্ত শুল্ক কাৰ্যকৰী কৰিব।
নিৰ্দেশিকাত ট্ৰাম্পৰ বিগত ৬ আগষ্টৰ নিৰ্দেশৰ কথাও উল্লেখ কৰা হৈছে। তাত কোৱা হৈছে, আমেৰিকাৰ প্ৰতি ৰাছিয়াৰ ভাবুকিৰ মোকাবিলা কৰিবলৈ ভাৰতীয় পণ্য আমদানিৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ট্ৰাম্প প্ৰশাসনে জনাইছে, উল্লেখিত সময়ৰ পিছত আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰা বা গুদামৰ পৰা ওলোৱা ভাৰতীয় পণ্যৰ ওপৰত এই শুল্ক প্ৰযোজ্য হ’ব।
সাত পৃষ্ঠাৰ এই নিৰ্দেশিকাত ভাৰত আৰু ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্কৰ কথাও উল্লেখ কৰিছে আমেৰিকাৰ প্ৰশাসনে। তাত কোৱা হৈছে, ভাৰতে ৰাছিয়াৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেল কিনে। সেই কাৰণেই ট্ৰাম্পে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপৰ সিদ্ধান্ত লৈছে। বাস্তৱত, আমেৰিকাৰ এনে দাবী নতুন একো নহয়। শেহতীয়া অতীতত কেতিয়াবা ট্ৰাম্পে নিজে, কেতিয়াবা তেওঁৰ চৰকাৰী বিষয়া আৰু সচিবসকলে বাৰে বাৰে এনে দাবী কৰি আহিছে। বুধবাৰৰ পৰা অতিৰিক্ত শুল্ক কাৰ্যকৰী হ’ব বুলিও ট্ৰাম্প প্ৰশাসনে আগতিয়াকৈ জনাইছিল। এইবাৰ নিৰ্দেশিকা জাৰি কৰি তেওঁলোকে জনাই দিলে যে, ভাৰতীয় পণ্য আমদানিৰ বাবে কেতিয়াৰ পৰা এই শুল্ক লোৱা হ’ব।
আমেৰিকাৰ এই শুল্কৰ ভাবুকিক ভাৰতে মানি লোৱা নাই বুলি নতুন দিল্লীয়ে কেইবাটাও দফাত স্পষ্ট কৰি দিছে। আমেৰিকাই নিজৰ স্বাৰ্থত ৰাছিয়াৰ পৰা বিভিন্ন পণ্য কিনাৰ কথাও ভাৰতে মনত পেলাই দিছে। এই পৰিস্থিতিত আন দেশৰ ওপৰত নিৰ্ভৰশীলতা কমোৱা আৰু আন্তৰ্জাতিক বজাৰত দেশীয় পণ্যৰ পথ অধিক প্ৰশস্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছে। সোমবাৰৰ নিশা গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত এখন সভাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ ভাৰতৰ অৱস্থান স্পষ্ট কৰি দিছে। তেওঁ কৈছে, “যিমানেই চাপ নাহক কিয়, আমি তাৰ মোকাবিলা কৰিবলৈ শক্তি বৃদ্ধি কৰি যাম। আমি আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প লৈছিলো। সেই সংকল্পৰ পথত আমি বহুদূৰ আগবাঢ়িছো। দেশ শক্তিশালী হৈছে।” ঘটনাক্ৰমে, মঙলবাৰৰ ভিতৰত নতুন দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠকত বহিব কেন্দ্ৰীয় চৰকাৰ। সূত্ৰৰ খবৰ অনুসৰি, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এখন উচ্চপৰ্যায়ৰ বৈঠক আহ্বান কৰা হৈছে। এই বৈঠকত দেশীয় ৰপ্তানিকাৰকৰ ওপৰত শুল্কৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে পৰ্যালোচনা কৰা হ’ব পাৰে।
