আমি ইচ্ছা কৰিলে চীনক ধ্বংস কৰিব পাৰো : ট্ৰাম্প

আমেৰিকাৰ স্বাৰ্থক আঘাত দিয়াৰ বাবে চিন্তিত আমেৰিকাৰ ৰাষ্ট্ৰপতি

আমেৰিকাই বিচাৰিলে চীনক ধ্বংস কৰি দিব পাৰে! শুল্কযুদ্ধৰ পৰিপ্ৰেক্ষিতত এইবাৰ বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিৰ দেশক এনে হুমকি দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। প্ৰয়োজন হ’লে চীনৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰিব পৰা যাব, তেওঁ এনে ভাবুকিও দিছে। কিন্তু, চীনৰ সৈতে শুল্ক সংঘাতৰ ফলত আমেৰিকাৰো স্বাৰ্থত আঘাত লাগিব পাৰে বুলি ট্ৰাম্পে ধাৰণা কৰিছে। সেই আশংকাৰ পৰাই তেওঁ বেইজিঙক উদ্দেশ্যি এই ভাবুকি দিছে।

সোমবাৰে হোৱাইট হাউচত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মিয়াঙৰ সৈতে বৈঠক কৰে ট্ৰাম্পে। সেই বৈঠকৰ পিছত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰনেতাক কাষত লৈ চীনৰ উদ্দেশ্যে তেওঁ ভাবুকি দিয়ে। বেইজিঙৰ প্ৰসংগত তেওঁ কয়, “তেওঁলোকৰ (চীনৰ) হাতত কিছু তাচ আছে। আমাৰ হাততো অসাধাৰণ কিছু তাচ আছে। কিন্তু মই সেই তাচবোৰ খেলিব নিবিচাৰো। যদি মই সেই তাচবোৰ খেলো, তেন্তে চীন ধ্বংস হৈ যাব। মই সেই তাচবোৰ খেলিব নোৱাৰো।” এই কথা কওঁতে ট্ৰাম্পে এইটোও জনায় যে, তেওঁ বেইজিঙৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব বিচাৰে।

বেইজিঙৰ উদ্দেশ্যে ট্ৰাম্পৰ এই ভাবুকিৰ মূল হ’ল ব্যৱসায়। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আশংকা কৰিছে যে, উদ্ভূত বাণিজ্যিক সমীকৰণত চীনে আমেৰিকালৈ চুম্বক ৰপ্তানি বন্ধ কৰি দিব পাৰে। সেই আশংকাৰ পৰাই তেওঁ চীনৰ উদ্দেশ্যে ভাবুকি দিছে। ট্ৰাম্পৰ কথাত, “তেওঁলোকে (চীনে) আমাক চুম্বক দিবই লাগিব। যদি তেওঁলোকে আমাক চুম্বক নিদিয়ে, তেন্তে আমি তেওঁলোকৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰিম।” উল্লেখযোগ্য যে, বিশ্ববজাৰত চুম্বকৰ ওপৰত চীনৰ একচেটিয়া আধিপত্য আছে। ‘চিএনবিচি’ সংবাদমাধ্যমৰ মতে, এই দুৰ্লভ খনিজৰ বিশ্ব বজাৰৰ ৯০ শতাংশ চীনে নিয়ন্ত্ৰণ কৰে।

আমেৰিকা আৰু চীনৰ মাজত শুল্কযুদ্ধ আৰম্ভ হোৱাৰ পিছত বিগত এপ্ৰিলৰ পৰা ৱাশ্বিংটনলৈ চুম্বক ৰপ্তানিৰ ওপৰত বেইজিঙে নিয়ন্ত্ৰণ জাৰি কৰিছিল। কিন্তু সেয়া আছিল সাময়িক কঠোৰতা। জুন মাহৰ পৰা আকৌ আমেৰিকালৈ চুম্বক ৰপ্তানি বৃদ্ধি কৰিছে চীনে। আমেৰিকাৰ চৰকাৰী তথ্য অনুসৰি, বিগত জুন মাহত চুম্বক ৰপ্তানি ৬৬০ শতাংশ বৃদ্ধি পাইছিল। জুলাইত তাৰ পৰিমাণ আৰু ৭৬ শতাংশ বৃদ্ধি পায়। বৰ্তমান আমেৰিকা আৰু চীনৰ মাজত বাণিজ্যচুক্তিৰ ওপৰত দৰ-দাম চলি আছে। ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ মতে, এই সপ্তাহতে চীনৰ বাণিজ্য প্ৰতিনিধিদল আলোচনাৰ বাবে আমেৰিকালৈ যাব পাৰে। এই পৰিপ্ৰেক্ষিতত ট্ৰাম্পৰ এই হুমকি যথেষ্ট তাৎপৰ্যপূৰ্ণ। বহুতে ধাৰণা কৰে যে, বাণিজ্যচুক্তিৰ আলোচনাত বহাৰ আগতে চীনক চাপত ৰাখিবলৈহে তেওঁ এই ভাবুকি দিছে।

চীনৰ ‘চুম্বক-তাচ’ৰ বিপৰীতে আমেৰিকাৰ ‘বোয়িং-তাচ’ আছে, সেয়াও ট্ৰাম্পে বুজাই দিব খোজে। তেওঁৰ দাবী, চীনে আমেৰিকাক চুম্বক দিয়া বন্ধ কৰাৰ পিছত ৱাশ্বিংটনে ইচ্ছাকৃতভাৱে বোয়িং বিমানৰ যন্ত্ৰাংশ বেইজিঙলৈ পঠোৱা বন্ধ কৰি দিছিল। ইয়াৰ ফলত চীনৰ ২০০ খন বিমান মাটিত পৰি আছিল বুলি ট্ৰাম্পৰ দাবী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...