আম্বানীৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ ওপৰত কিয় তদন্ত চলি আছে? কি ক’লে উচ্চতম ন্যায়ালয়ে?

নিয়মৰ প্রতি গুৰুত্ব নিদিয়াকৈ ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পশু-পক্ষী সংগ্ৰহ কৰি আনিছে বুলি অভিযোগ উঠিছে গুজৰাটৰ মুকেশ আম্বানীৰ বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ ‘বনতাৰা’ৰ বিৰুদ্ধে। এই অভিযোগৰ সত্যতা নিৰূপণৰ বাবে সোমবাৰে সর্বোচ্চ ন্যায়ালয়ে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে। তদন্তকাৰী দলৰ নেতৃত্বত আছে সর্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰপতি জাস্তি চেলমেশ্বৰ। ইয়াৰ উপৰিও দলটোত আছে উত্তৰাখণ্ড আৰু তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য বিচাৰপতি ৰাঘৱেন্দ্ৰ চৌহান। দলটোৰ আন দুজন সদস্যৰ ভিতৰত এজন আইপিএছ আৰু আনজন আইআৰএছ বিষয়া।

‘বনতাৰা’ৰ বিৰুদ্ধে গোচৰকাৰীসকলৰ অভিযোগ, তাত থকা পশু-পক্ষীৰ যথাযথ পৰিচৰ্যা কৰা হোৱা নাই। পশু-পক্ষী আনোতে আৰ্থিক অনিয়মৰ অভিযোগো উত্থাপিত হৈছে। ইয়াৰ বাহিৰেও ভাৰতৰ কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ নিয়ম আৰু বিৰল প্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আন্তৰ্জাতিকভাৱে স্বীকৃত বিধি উলংঘন কৰা হৈছে বুলি গোচৰকাৰীসকলে দাবী কৰিছে। তেওঁলোকে নিজৰ দাবীৰ সমৰ্থনত কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদন উত্থাপন কৰিছে।

এই পৰিস্থিতিত সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতি পঙ্কজ মিথল আৰু পি বি ভৰালৰ খণ্ডপীঠে নিৰ্দেশ দিছে যে, ‘বনতাৰা’ত কাম-কাজ কেনেকৈ চলিছে আৰু ভাৰত চৰকাৰৰ বন্যপ্ৰাণী সংৰক্ষণ আইন মানি চলা হৈছে নে নাই, তাক পৰীক্ষা কৰি তদন্তকাৰী দলটোৱে প্ৰতিবেদন দাখিল কৰিব লাগিব। ১২ ছেপ্টেম্বৰৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ SITক নিৰ্দেশ দিয়া হৈছে। ‘বনতাৰা’ৰ বিৰুদ্ধে পানীৰ অপব্যৱহাৰৰ অভিযোগো উঠিছিল, আৰু সেই বিষয়টোও তদন্ত কৰিবলৈ শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ দিছে।

SIT গঠনৰ পিছত ‘বনতাৰা’ কৰ্তৃপক্ষই এই বিষয়ে মুখ খুলিছে। এটা বিবৃতিত তেওঁলোকে কৈছে, “বনতাৰা স্বচ্ছতা আৰু আইন মানি চলাৰ প্ৰতি দায়বদ্ধ। আমাৰ লক্ষ্য হৈছে প্ৰাণীসমূহক উদ্ধাৰ কৰি তেওঁলোকৰ পুনৰ্বাসন আৰু যত্ন লোৱা। আমি বিশেষ তদন্তকাৰী দলৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিম আৰু আমাৰ কাম গুৰুত্বৰ সৈতে পালন কৰিম।” তেওঁলোকে এই বিষয়ত জল্পনা-কল্পনা সৃষ্টি নকৰিবলৈও অনুৰোধ জনাইছে।

গুজৰাটৰ জামনগৰত অৱস্থিত ‘বনতাৰা’ দুহাজাৰতকৈ অধিক প্ৰজাতিৰ প্ৰাণীৰ আশ্ৰয়স্থল। ইয়াত ডেৰ লাখতকৈ অধিক প্ৰাণী আছে, য’ত বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ কৰা আৰু বিপন্ন প্ৰাণীসমূহো অন্তৰ্ভুক্ত। বিগত মাৰ্চ মাহত এই কেন্দ্ৰৰ উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বনতাৰাৰ বন্যপ্ৰাণী হাস্পতাল আৰু পশুচিকিৎসা কেন্দ্ৰসমূহত প্ৰাণীৰ শুশ্ৰূষাৰ বাবে এমআৰআই, চিটি স্কেন, আইচিইউৰ ব্যৱস্থা আছে। ইয়াৰ উপৰি বন্যপ্ৰাণীৰ বাবে এনেষ্ঠেছিয়া, কাৰ্ডিঅ’লজি, নেফ্ৰ’লজি, এণ্ড’স্ক’পি আৰু দন্তচিকিৎসাৰ ব্যৱস্থাও আছে। এই বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰৰ তত্ত্বাৱধানৰ দায়িত্বত আছে মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...