বিহাৰত ৰাহুল গান্ধীৰ গালত চুমা খালে যুৱকে; নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন

বিহাৰৰ ‘ভোটাৰ অধিকাৰ যাত্ৰা’ৰ মাজত ৰাহুল গান্ধীৰ বাইক ৰখাই এজন যুৱকে তেওঁক চুম্বন কৰিলে। দেওবাৰে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ কৰ্মীসকলে তৎক্ষণাৎ যুৱকজনক কৰায়ত্ত কৰে। কংগ্ৰেছ কৰ্মীসকলে যুৱকজনক চৰ মৰাৰো অভিযোগ উঠিছে। এই ঘটনাই ৰাহুলৰ নিৰাপত্তা ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

দেওবাৰে বিহাৰৰ পূৰ্ণিয়া জিলাত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী আৰু আৰজেডি নেতা তেজস্বী যাদৱৰ বাইক ৰেলীৰ মাজত এই কাণ্ড সংঘটিত হৈছে। ‘ভোটাৰ অধিকাৰ যাত্ৰা’ কাৰ্যসূচীৰ অংশ হিচাপে এই ৰেলীৰ আয়োজন কৰা হৈছিল। দেওবাৰে পুৱা আৰাৰিয়াৰ ৰাস্তাত বাইকৰ ৰেলী চলি আছিল। কিন্তু কৰ্মী-সমৰ্থকৰ ভিৰৰ বাবে বাইকৰ গতি অতি কম আছিল। ৰাহুল আৰু তেজস্বীক চাবলৈ ৰাস্তাৰ দুয়োপাৰে মানুহৰ ভিৰ পৰিলক্ষিত হৈছিল। হঠাৎ সেই ভিৰৰ মাজৰ পৰা এজন যুৱক আহি ৰাহুলৰ বাইক ৰখাই দিয়ে। বাইকৰ গতি কমি যোৱাৰ লগে লগে যুৱকজনে ৰাহুলৰ গালত চুম্বন কৰে।

ঘটনাটো ইমান আকস্মিক আছিল যে, ৰাহুল কিছু পৰিমাণে বিস্মিত হৈ পৰে। ঘটনাৰ পিছত কৰ্মী-সমৰ্থক আৰু ৰাহুলৰ নিৰাপত্তাৰক্ষীসকলে  যুৱকজনক কৰায়ত্ত কৰে। যুৱকজনৰ গালত চৰ মাৰি ৰাহুলৰ ওচৰৰ পৰা আঁতৰাই অনা হয়। এই কাণ্ডৰ ভিডিঅ’ দ্ৰুতগতিত সামাজিক মাধ্যমত বিয়পি পৰে। কিন্তু নিৰাপত্তাৰ বেহু ভাঙি এই যুৱকজনে কেনেকৈ ৰাহুলৰ ওচৰলৈ যোৱাৰ সুযোগ পালে, তাৰ ওপৰতো প্ৰশ্ন উঠিছে।

ভোট ‘চুৰি’ আৰু বিহাৰত এছআইআৰৰ বিতৰ্কৰ মাজত ১৭ আগষ্টৰ পৰা নীতিশ কুমাৰৰ ৰাজ্যত ‘ভোটাৰ অধিকাৰ যাত্ৰা’ আৰম্ভ কৰিছে লোকসভাৰ বিৰোধী দলনেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। পদযাত্ৰা আৰম্ভৰ আগতে তেওঁ স্পষ্টকৈ কৈছিল, বিহাৰৰ মানুহৰ ভোট চুৰি কৰিবলৈ দিয়া নহ’ব! এই পদযাত্ৰাত কেৱল কংগ্ৰেছ নহয়, বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ নেতা-নেত্ৰীসকলেও যোগ দিছিল। ১৬দিনীয়া এই পদযাত্ৰা ১ ছেপ্টেম্বৰত পাটনাত শেষ হ’ব। ১,৩০০ কিলোমিটাৰ দীঘল পথ পদব্ৰজে অতিক্ৰম কৰি বিহাৰৰ মানুহৰ ওচৰলৈ এছআইআৰৰ বাৰ্তা প্ৰেৰণ কৰাই এই কাৰ্যসূচীৰ উদ্দেশ্য। ভোট বিশেষজ্ঞসকলৰ মতে, এই কাৰ্যসূচী বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে সাধাৰণ মানুহৰ কাষলৈ যোৱাৰো এক প্ৰয়াস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...