১৮ বছৰ ঊৰ্ধ্বৰ লোকে ছেপ্টেম্বৰৰ পাছত লাভ নকৰে আধাৰ কাৰ্ড

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত কেবিনেট বৈঠকত নিম্নোল্লিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয় –

●  গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপৰ পৰা নুনমাটি অভিমুখে GNB ৰোডৰ নিৰ্মীয়মাণ চাৰিলেনযুক্ত উৰণ সেতুখনক অসম ইতিহাসৰ উজ্জ্বল ব্যক্তিত্ব মহাৰাজ পৃথুৰ সন্মানত ‘মহাৰাজ পৃথু উৰণ সেতু’ নামেৰে নামকৰণত ৰাজ্যিক কেবিনেটে আজি অনুমোদন জনায়।

●  অসমৰ গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM) স্থাপনৰ কথা ঘোষণা কৰাৰ বাবে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আজিৰ অসম কেবিনেটে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। এই দূৰদৰ্শী পদক্ষেপে অঞ্চলটোৰ উচ্চ শিক্ষা আৰু গৱেষণাক শক্তিশালী কৰাই নহয় উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত বিকাশ, উদ্ভাৱন আৰু সুযোগৰ নতুন পথ মুকলি কৰিব।

●  উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সফলভাৱে চলাই বেদখলকাৰীৰ পৰা ভূমি মুক্ত কৰাৰ বাবে নাগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগক কেবিনেটে ধন্যবাদ জ্ঞাপন কৰে।

●  উৰিয়ামঘাটৰ উচ্ছেদিত অঞ্চলসমূহত নাগালেণ্ড চৰকাৰৰ সৈতে যৌথভাৱে বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্তও আজিৰ কেবিনেটে গ্ৰহণ কৰে। পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত ২০২৫ চনৰ ২৩ আগষ্টত যৌথভাৱে এই অভিযানৰ শুভাৰম্ভ কৰা হ’ব।

●  যিকোনো অনুপ্ৰৱেশকাৰীৰ সম্ভাৱ্য প্ৰৱঞ্চনামূলক আধাৰ পঞ্জীয়ন ৰোধ কৰিবলৈ অসমত ১৮ বছৰ বয়সৰ ঊৰ্দ্ধৰ নাগৰিকৰ আধাৰ পঞ্জীয়নৰ বাবে সংশোধিত মানক পৰিচালনা বিধি (SOP) “State Government Portal” ৰ অধিসূচনা/ৰূপায়ণত আজিৰ ৰাজ্যিক কেবিনেটে অনুমোদন জনায়।

● সংশোধিত SOP-ৰ সমৰ্থনত তলত দিয়া ন্যায্যতাসমূহ প্ৰদান কৰা হৈছে-

➢ সীমান্তৰ সিপাৰৰ পৰা অহা কোনো অনুপ্ৰৱেশকাৰীয়ে যাতে প্ৰৱঞ্চনাৰে আধাৰ লাভ কৰিব নোৱাৰে তাৰ বাবে এছ অ’ পিৰ প্ৰয়োজন।

➢ একেবাৰে বিৰল ক্ষেত্ৰত ১৮ বছৰ বয়সৰ ঊৰ্দ্ধৰ নাগৰিকৰ বাবে আধাৰ পঞ্জীয়নৰ অনুমতি দিয়াৰ বাবে জিলা আয়ুক্তসকলক ক্ষমতা প্ৰদান কৰা হৈছে।

➢ এই নিষেধাজ্ঞা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু চাহ জনজাতি সম্প্ৰদায়ৰ ব্যক্তিৰ ক্ষেত্ৰত এবছৰৰ বাবে প্ৰযোজ্য নহ’ব আৰু এই গোটসমূহৰ অন্তৰ্গত আধাৰ কাৰ্ড নথকা ব্যক্তিসকলৰ আধাৰ পঞ্জীয়ন এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।

●  ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীন (পিএমএৱাই-জি)ৰ অধীনত অনুমোদিত ৩,১৪,৭৭৩ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণৰ বাবে ৰাজ্যিক কেবিনেটে আজি অনুমোদন জনায়।

●  সমগ্ৰ অসমতে দক্ষতা বিকাশৰ শিক্ষা প্ৰদানৰ বাবে ৫০টা হাব আৰু ৫০০ স্প’ক মডেল ৰূপায়ণৰ বাবে সমগ্ৰ শিক্ষা, অসমৰ সৈতে কৌশলগত অংশীদাৰ হিচাপে নেলকো লিমিটেড (টাটা-নেলকো)ক মনোনীত কৰাত আজিৰ ৰাজ্যিক কেবিনেটে অনুমোদন জনায়। প্ৰথম পৰ্যায়ত ১০টা হাব আৰু ৭০টা স্পক স্থাপন কৰা হ’ব।

●  পুঁজিৰ ধৰণ ৭৫:২৫ (টাটা নেলকোৰ পৰা ৭৫% আৰু অসম চৰকাৰ তথা সমগ্ৰ শিক্ষাৰ পৰা ২৫%) হ’ব। দক্ষতা বিকাশৰ শিক্ষাৰ বাবে সমগ্ৰ শিক্ষাৰ অধীনত অনুমোদিত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ হাব স্কুল আৰু স্পকছ স্কুল হিচাপে স্বীকৃত হ’ব।

● প্ৰতিটো হাবে ১০টা ভৱিষ্যমুখী ট্ৰেড/ছেক্টৰ আগবঢ়াব আৰু ইয়াত দুগৰাকী প্ৰশিক্ষক থাকিব। প্ৰতিটো স্পকে দুটা ট্ৰেড/ছেক্টৰ আগবঢ়াব আৰু ইয়াতো দুগৰাকী প্ৰশিক্ষক থাকিব। টাটা নেলকোৱে প্ৰদান কৰা উপগ্ৰহ যোগাযোগৰ জৰিয়তে হাব আৰু স্পকসমূহক সংযোগ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...