‘আমেৰিকাত বিনিয়োগ কৰিলে চিপআমদানিৰ ওপৰত ১০০% শুল্ক ৰেহাই’; এপলৰ CEOক প্ৰস্তাৱ ট্ৰাম্পৰ

আমেৰিকাৰ সংবাদ মাধ্যম ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ প্ৰতিবেদন অনুসৰি, বুধবাৰে ট্রাম্পে জনাইছে যে, এপলে আমেৰিকাত আৰু ১০ হাজাৰ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে, যাৰ ভাৰতীয় মুদ্ৰাত মূল্য প্ৰায় আঠ লাখ কোটি টকা। এই ঘোষণাৰ পিছতেই তেওঁ চিপ আমদানিত শুল্ক ৰেহাইৰ কথা প্ৰকাশ কৰে। এপলে নতুনকৈ বিনিয়োগৰ কথা ঘোষণা কৰিলেও ভাৰত আৰু চীনত তেওঁলোকৰ উৎপাদন বন্ধ নকৰাৰ কথা স্পষ্ট কৰি দিছে। তথাপিও ট্রাম্পৰ এই ঘোষণাক এপলৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকৰ বৃহৎ জয় বুলি গণ্য কৰা হৈছে।

যেতিয়া ট্রাম্পে ভাৰত আৰু চীনৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা পণ্যৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপৰ কথা ঘোষণা কৰিছিল, তেতিয়া টিম কুকে এই পদক্ষেপৰ প্ৰভাৱৰ বিষয়ে সতৰ্ক কৰি সাৱধানবাণী দিছিল। ট্রাম্পে এই বিষয়ক ভাল দৃষ্টিৰে চোৱা নাছিল। তেওঁ স্পষ্টভাৱে কৈছিল যে, ভাৰত বা অন্য দেশত আইফোন তৈয়াৰ কৰিলে নচলিব, আমেৰিকাতেই উৎপাদন কৰিব লাগিব। এইবাৰ এপলে আমেৰিকাত আৰু বিনিয়োগৰ ঘোষণা কৰিছে, আৰু ট্রাম্পৰ মনোভাৱো নৰম হৈছে। তেওঁ জনাইছে যে, আমেৰিকাত অধিক বিনিয়োগ কৰিলে চিপ আমদানিত শুল্ক ৰেহাই পোৱা যাব। উল্লেখ্য যে, ট্রাম্পৰ প্ৰথম কাৰ্যকালতো কুকে শুল্ক ৰেহাই লাভ কৰিছিল।

এপলৰ উপৰি আমেৰিকাৰ কেইবাটাও প্ৰযুক্তি কোম্পানীয়ে দেশখনত নতুনকৈ বিনিয়োগৰ সিদ্ধান্ত লৈছে। ফলত বিগত কেইমাহমানত আমেৰিকাত কোটি কোটি টকাৰ নতুন বিনিয়োগ হৈছে।

বিশেষজ্ঞৰ একাংশৰ মতে, আমেৰিকাত আইফোন, আইপেড আদি পণ্য উৎপাদন কৰাটো এপলৰ বাবে অৰ্থনৈতিকভাৱে প্ৰায় অসম্ভৱ। তাত উৎপাদনৰ খৰচ বহুত বেছি। সেয়েহে তেওঁলোকে উৎপাদনৰ বৃহৎ অংশ চীন আৰু ভাৰতত কৰে। তথাপিও এপলে আমেৰিকাত ১০ হাজাৰ কোটি ডলাৰ বিনিয়োগৰ ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীত কুকে ৫০ হাজাৰ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছিল, যাৰ ভাৰতীয় মুদ্ৰাত মূল্য ৪১ লাখ কোটি টকা। ইয়াৰ উপৰি, কুকে জনাইছে যে এপলৰ ফোন আৰু ঘড়ীত ব্যৱহাৰ কৰা কাঁচ অতি সোনকালে কেন্টাকিত তৈয়াৰ হ’ব, যিটো কৰ্নিং কোম্পানীয়ে উৎপাদন কৰিব। ইতিপূৰ্বেও কেন্টাকিত কিছু কাঁচ তৈয়াৰ হৈছে। এই সকলো প্ৰতিশ্ৰুতিৰ বিনিময়ত এপলে চিপৰ ওপৰত শুল্ক ৰেহাই লাভ কৰিছে নেকি, তাৰ জল্পনা-কল্পনা অব্যাহত আছে।

আনহাতে, সূত্ৰই জনাইছে যে- বিদেশৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা চিপৰ ওপৰত ট্রাম্পৰ শুল্ক আৰোপৰ আঁৰত আছে আমেৰিকাৰ চিপ উৎপাদক কোম্পানীসমূহ। সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে হোৱাইট হাউছত আমেৰিকাৰ চিপ উৎপাদক কোম্পানী এনভিডিয়াৰ প্ৰধান জেনচেন হুৱাঙৰ সৈতে ট্রাম্পৰ সাক্ষাৎ হয়। সম্প্ৰতি হুৱাঙৰ সৈতে ট্রাম্পৰ ঘনিষ্ঠতা গঢ়ি উঠিছে। মে’ মাহত পশ্চিম এছিয়াত ট্রাম্পৰ যাত্ৰাৰ সংগীও আছিল হুৱাং, আৰু তেওঁৰ প্ৰশংসাও কৰিছিল ট্রাম্পে। সেই সময়ত কুকৰ অনুপস্থিতিৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰিছিল তেওঁ। কিন্তু বুধবাৰে ট্রাম্পে কুকৰ প্ৰশংসা কৰি কয়, “আমাৰ লক্ষ্য আছিল আমেৰিকাতে তৈয়াৰ কৰি আইফোন আমেৰিকাত বিক্ৰী কৰা। সেই লক্ষ্যৰ দিশত আমি আৰু এখোজ আগবাঢ়িছো।” বুধবাৰৰ পিছত আমেৰিকাত এপলৰ শ্বেয়াৰৰ মূল্যও বৃদ্ধি পাইছে।

কুকে কেৱল বিনিয়োগৰ ঘোষণাতে ৰৈ থকা নাই। তেওঁ জনাইছে যে, আমেৰিকাৰ ১২খন প্ৰদেশৰ ২৪টা কাৰখানাত এপলৰ বাবে ১৯০০ কোটি চিপ উৎপাদন কৰিব আমেৰিকাৰ কোম্পানীয়ে। উল্লেখ্য যে, ট্রাম্পৰ প্ৰথম কাৰ্যকালতো এপলে এনে ঘোষণা কৰিছিল। নিন্দকৰ মতে, এপলে ইতিপূৰ্বেও বহুবাৰ এনে বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু সকলো পূৰণ কৰা নাছিল। সেয়েহে এই বিনিয়োগৰ প্ৰতিশ্ৰুতি কিমান ফলপ্ৰসূ হ’ব, তাৰ জল্পনা-কল্পনা অব্যাহত আছে। ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ক চেম্বাৰ অৱ প্ৰগ্ৰেছৰ মুখ্য কাৰ্যবাহী বিষয়া এডাম ক’ভাচেভিকে জনাইছে যে, কোম্পানীসমূহে ট্রাম্পৰ সৈতে সম্পর্ক সঠিক পথত চলোৱাৰ কৌশল শিকি পেলাইছে। তেওঁৰ মতে, “এই কামত এপল আৰু চিপ উৎপাদক কোম্পানী এনভিডিয়াই সৰ্বশ্ৰেষ্ঠ কাম কৰিছে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...