‘অপাৰেশ্যন সিন্দূৰ’ৰ পিছৰ সময়ত সামৰিক প্ৰযুক্তিৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিছে ভাৰতীয় সেনাই। কেইবাটাও ক্ষেত্ৰত দ্ৰুতগতিত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰম্ভ কৰাৰ কথা ভাৱিছে সেনাই। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ প্ৰতিবেদন অনুসৰি, ২০২৬-২৭ চনৰ ভিতৰত কিছুমান ক্ষেত্ৰত এআই প্ৰযুক্তি বাস্তৱায়নৰ পৰিকল্পনা কৰা হৈছে। সেই লক্ষ্যৰে এটা গৱেষণাগাৰ আৰু এটা বিশেষ টাস্ক ফ’ৰ্চ গঠনৰ কথাও ভৱা হৈছে।
কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ বিষয়ে আগতেও ভাৰতীয় সেনাত আলোচনা হৈছিল। কিন্তু ‘অপাৰেশ্যন সিন্দূৰ’ আৰু তাৰ পিছৰ ভাৰত-পাকিস্তান সংঘৰ্ষৰ পিছত এই বিষয়ত চৰ্চা বৃদ্ধি পাইছে। প্ৰাৰম্ভিকভাৱে কোন কোন ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে, সেই বিষয়ে বিভিন্ন সূত্ৰৰ ভিত্তিত প্ৰতিবেদনত জনোৱা হৈছে। তাত কোৱা হৈছে, যুদ্ধক্ষেত্ৰৰ পৰিস্থিতিৰ বিষয়ে অধিক সচেতন হৈ থাকিবলৈ কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা ভৱা হৈছে। অতি কম সময়ৰ ভিতৰত প্ৰচুৰ তথ্য সংগ্ৰহৰ বাবে এই বিষয়ৰ ওপৰত জোৰ দিয়া হৈছে।
ইয়াৰ সমান্তৰালভাৱে কৃত্ৰিম বুদ্ধিমত্তা নিৰ্ভৰ চেটবট, ভইচ-টু-টেক্সট চিষ্টেম (কণ্ঠস্বৰ শুনি লিখাৰ প্ৰযুক্তি), ফেশ্বিয়েল ৰিকগনিশ্যন (মুখ চিনাক্তকৰণ) আৰু আন কিছুমান প্ৰযুক্তিগত বিষয়ৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। সম্ভাৱ্য আক্ৰমণ বা অস্বাভাৱিক কোনো ‘পেটাৰ্ণ’ আগতীয়াকৈ চিনাক্ত কৰাৰ বাবেও কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ কথা ভৱা হৈছে বুলি সূত্ৰই দাবী কৰিছে।
সূত্ৰৰ খবৰ অনুসৰি, এই সংক্ৰান্তৰ কামৰ বাবে অতি সোনকালে ভাৰতীয় সেনাৰ ‘ডিৰেক্টৰেট জেনেৰেল অৱ ইনফৰ্মেশ্যন চিষ্টেমছ’ (ডিজিআইএছ)ৰ নেতৃত্বত এটা ‘এআই টাস্ক ফ’ৰ্চ’ গঠন কৰা হ’ব। তাত সেনাৰ অন্য ডিৰেক্টৰেটৰ প্ৰতিনিধিও থাকিব। এই টাস্ক ফ’ৰ্চৰ মূল লক্ষ্য হ’ব কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক বিশেষ প্ৰযুক্তিৰ বাস্তৱায়নৰ কামৰ তদাৰকি কৰা। প্ৰশিক্ষণ, দক্ষতা বৃদ্ধি, প্ৰযুক্তিৰ ৰক্ষণাবেক্ষণ, প্ৰয়োজনীয় সাহায্য, এই সংক্ৰান্ত গৱেষণা আৰু তাৰ গতিৰ ওপৰত এই টাস্ক ফ’ৰ্চে নজৰ ৰাখিব।
সূত্ৰৰ দাবী, আগন্তুক ২০২৬-২৭ চনৰ ভিতৰত কেইবাটাও সামৰিক সঁজুলিৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰম্ভ কৰাৰ লক্ষ্য লোৱা হৈছে। বিশেষকৈ নজৰদাৰী বৃদ্ধি, বিভিন্ন সঁজুলি আৰু তাৰ সৰবৰাহ শৃংখলৰ ওপৰত নজৰ ৰখা, সামাজিক মাধ্যম আৰু অন্য সূত্ৰৰ পৰা পোৱা তথ্যৰ বিশ্লেষণৰ দৰে বিভিন্ন ক্ষেত্ৰত এই প্ৰযুক্তি প্ৰয়োগৰ কথা ভৱা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা সংক্ৰান্তীয় কামৰ বাবে ডিজিআইএছত এটা গৱেষণাগাৰ ‘এআই লেব’ও স্থাপন কৰা হৈছে।
