ভাৰতৰ অনলাইন পেমেণ্ট ব্যৱস্থাৰ মূল স্তম্ভ হৈছে ইউপিআই বা ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ। এই ব্যৱস্থাৰ জৰিয়তে কোটি কোটি সাধাৰণ ভাৰতীয়ই ডিজিটেল পেমেণ্টৰ সৈতে সংযোগ স্থাপন কৰিছে। এতিয়া এই ইউপিআইয়ে ভাৰতৰ সীমা অতিক্ৰম কৰি বিশ্বৰ বিভিন্ন দেশলৈ বিস্তৃত হৈছে, য’ত আছে ফ্ৰান্স, সংযুক্ত আৰব আমিৰশাহীৰ দৰে দেশো।
প্ৰযুক্তি, উদ্ভাৱন আৰু ছফ্টৱেৰৰ ক্ষেত্ৰত ভাৰতৰ প্ৰভাৱ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ প্ৰমাণ এই ইউপিআইৰ অগ্ৰগতিৰ কাহিনী। ২০১৬ চনত ভাৰতত ইউপিআই প্ৰৱৰ্তন কৰা হয়। নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া (এনপিচিআই) আৰু ৰিজাৰ্ভ বেংকৰ যৌথ উদ্যোগত এই ব্যৱস্থা আৰম্ভ কৰা হৈছিল। কিউআৰ ক’ড বা ইউপিআই আইডিৰ জৰিয়তে সহজে পেমেণ্ট কৰিব পৰাৰ বাবে এই ব্যৱস্থা এতিয়া লাহে লাহে সমগ্ৰ বিশ্বত বিয়পি পৰিছে।
এতিয়ালৈকে মুঠ ৮খন দেশত ইউপিআই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ভাৰতৰ বাহিৰে প্ৰথম দেশ হিচাপে ২০২১ চনত ভূটানত ইউপিআই আৰম্ভ হয়। একেই বছৰত সংযুক্ত আৰব আমিৰশাহীতো ইউপিআই আৰম্ভ কৰা হয়। ২০২৪ চনত প্ৰথম ইউৰোপীয় দেশ হিচাপে ফ্ৰান্সে ইউপিআই গ্ৰহণ কৰে। ভাৰতৰ এনপিচিআই আৰু ফ্ৰান্সৰ লায়ৰা নেটৱৰ্কৰ সহযোগিতাত সেই দেশত ইউপিআই আৰম্ভ হৈছে।
ইয়াৰ উপৰিও নেপাল, মৰিচাছ, শ্ৰীলংকা, ছিংগাপুৰ আৰু ত্ৰিনিদাদ এণ্ড ট’বাগ’তো ইউপিআই আৰম্ভ হৈছে। অদূৰ ভৱিষ্যতে কাটাৰ, থাইলেণ্ড, মালয়েছিয়া, ব্ৰিটেইন, ওমান আৰু মালদ্বীপৰ দৰে দেশতো ইউপিআই আৰম্ভ হ’ব পাৰে বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে।
