গুজৰাটত ভাগি পৰিল দলং; নিহত ৯, আহত ১০

পুনৰ দলং ভাঙি পৰিল গুজৰাটত। বুধবাৰে পুৱা বডোদৰাৰ মহিসাগৰ নদীৰ ওপৰত গম্ভীৰা সেতু ভাঙি পৰে। সেই সময়ত দলঙখনৰ ওপৰত থকা কমেও চাৰিখন গাড়ী নদীত পৰি যায় বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। এতিয়ালৈকে এই ঘটনাত ৯জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। কমেও ১০জন আহত হৈছে। আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ পঠিওৱা হৈছে।

চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে পুৱা প্ৰায় ছাৰে সাত বজাত মধ্য গুজৰাট আৰু সৌৰাষ্ট্ৰৰ মাজৰ পাডৰা-মুজপুৰ অঞ্চলত মহিসাগৰ নদীৰ ওপৰ থকা গম্ভীৰা সেতুখন হঠাৎ ভাঙি পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, “সেই সময়ত দুখন ট্ৰাক, এখন ভেন আৰু এখন গাড়ী সেতুখনেৰে পাৰ হৈ গৈছিল। সেতুৰ এটা অংশ হঠাৎ ভাঙি পৰাত সেতুখনৰ ওপৰেৰে যোৱা আটাইকেইখন বাহন নদীত পৰি যায়।” খবৰ পাই উদ্ধাৰকাৰী দল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, এতিয়ালৈকে চাৰিজনক উদ্ধাৰ কৰা হৈছে। ৯ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বডোদৰাৰ আৰক্ষী অধীক্ষক (গ্ৰামীণ) ৰোহন আনন্দে ৯জনৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। তথাপি মৃত্যুৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি আশংকা কৰা হৈছে।

পুৱাৰ ভাগত আনন্দ লোকসভা কেন্দ্ৰৰ সাংসদ মিতেশ পটেলে কয়, “এতিয়ালৈকে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হৈছে। আহতৰ মাজৰ পৰা চাৰিজনক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কাৰ্য এতিয়াও চলি আছে। বডোদৰা আৰু আনন্দ, এই দুই জিলাৰ প্ৰশাসনিক বিষয়াসকলে উদ্ধাৰ অভিযান পৰিচালনা কৰি আছে।” গুজৰাটৰ এই ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিহতৰ পৰিয়ালক প্ৰত্যেকৰে বাবে ২ লাখ টকা আৰ্থিক সাহায্যৰ ঘোষণা কৰিছে তেওঁ। আহতসকলে পাব ৫০ হাজাৰ টকা। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পটেলে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। সেতুখন কিয় ভাঙি পৰিল, সেই বিষয়ে তদন্ত কৰা হৈছে।

উল্লেখযোগ্য যে, তিনি বছৰ আগতে ২০২২ চনত এই ৰাজ্যৰ মোৰবীত এখন সেতু ভাঙি পৰাত ১৩৫জনৰ মৃত্যু হৈছিল। ব্ৰিটিছৰ আমোলত নিৰ্মিত সেই সেতুখন প্ৰায় দুই দশক ধৰি সংস্কাৰৰ বাবে বন্ধ আছিল। পুনৰ্নিৰ্মাণৰ পিছত ২০২২ চনৰ অক্টোবৰত জনসাধাৰণৰ বাবে সেতুখন মুকলি কৰা হৈছিল। মুকলিৰ মাত্ৰ চাৰি দিনৰ পিছত সেতুখন ভাঙি পৰে। সেইদিনা মচ্ছু নদীৰ ওপৰৰ সেতুখন চাবলৈ বহু লোক উপস্থিত হৈছিল। কেৱল ভাঙি পৰা দিনটোতেই ৩ হাজাৰৰো অধিক টিকট বিক্ৰী হৈছিল বুলি জনা গৈছে। দুৰ্ঘটনাৰ সময়ত সেতুখনত প্ৰায় ৩০০লোক আছিল। তাৰে ১৩৫ জনৰ মৃত্যু হয়। বহুজন গুৰুতৰভাৱে আহত হৈছিল। প্ৰাথমিক তদন্তত সেতুৰ সংস্কাৰত ত্ৰুটি থকাৰ কথা পোহৰলৈ আহে। নিৰ্মাণকাৰী সংস্থা আৰু ৰাজ্য চৰকাৰৰ দিশলৈও অভিযোগৰ আঙুলি উঠিছিল। বুধবাৰৰ এই সেতু বিপৰ্যয়ে তিনি বছৰ আগৰ সেই ঘটনাৰ স্মৃতি পুনৰ জীপাল কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...