২৫ বছৰৰ মূৰত গ্ৰেপ্তাৰ হ’ল মণিকা! চৰকাৰক প্ৰতাৰণা কৰি ১৯৯৯চনত দেশ এৰি গৈছিল মণিকা

২৫ বছৰ! কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰৱঞ্চনা আৰু ব্যৱসায়িক কেলেংকাৰীৰ অভিযোগত অভিযুক্ত আৰু পলাতক মণিকা কাপুৰ ধৰা পৰিল। ১৯৯৯ চনত আমেৰিকালৈ পলাই যোৱা এই মহিলাগৰাকীক বুধবাৰে নিজৰ জিম্মাত ল’ব কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। নিশাৰ বিমানেৰে এই মহিলাগৰাকীক ভাৰতলৈ অনা হৈছে। বিমানত মণিকাৰ সৈতে আছে CBIৰ এটা দল।

মণিকাই তেওঁৰ দুই ভাতৃ ৰাজন খান্না আৰু ৰাজীৱ খান্নাৰ সৈতে গহনা আমদানি-ৰপ্তানিৰ ব্যৱসায় কৰিছিল। এটা সময়ত এই তিনিও গৰাকীৰ বিৰুদ্ধে ব্যৱসায়িক কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল। অভিযোগ অনুসৰি, গহনা ব্যৱসায়ৰ বাবে আমদানি কৰা সামগ্ৰীক শুল্কমুক্ত কৰাৰ বাবে তেওঁলোকে অসাধু উপায়েৰে কেন্দ্ৰৰ পৰা লাইচেন্স লাভ কৰিছিল আৰু পিছত সেই লাইচেন্স বিক্ৰী কৰি দিছিল। মণিকাৰ এই জালিয়াতিৰ ফলত কেন্দ্ৰীয় কোষাগাৰৰ প্ৰায় ২ কোটি টকাৰ ক্ষতি হৈছিল (বৰ্তমানৰ বজাৰ মূল্যত প্ৰায় ৫ কোটি টকাৰ ক্ষতি)। ১৯৯৯ চনত এই আৰ্থিক জালিয়াতি পোহৰলৈ অহাৰ পিছত মণিকা আমেৰিকালৈ পলাই গৈছিল। দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত CBIয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মণিকাক।

২০০২ চনত এই আৰ্থিক কেলেংকাৰী আৰু দুৰ্নীতিৰ গোচৰৰ তদন্ত নতুনকৈ আৰম্ভ কৰে CBIয়ে। ২০০৪ চনত আদালতত চাৰ্জশ্বীট দাখিল কৰা হয়, য’ত মণিকা আৰু তেওঁৰ দুই ভাইক অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছিল। ৰাজন আৰু ৰাজীৱ ২০১৭ চনৰ ডিচেম্বৰত দিল্লীৰ আদালতত দোষী সাব্যস্ত হৈছিল। আনহাতে, মণিকাক এই গোচৰৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে চিহ্নিত কৰা হৈছিল।

২০১০ চনৰ পৰা কেন্দ্ৰীয় চোৰাংচোৱাসকলে মণিকাক দেশলৈ ঘূৰাই আনিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছিল। প্ৰত্যৰ্পণৰ বিষয়ত আমেৰিকাৰ সৈতে শেষত চুক্তি সম্পন্ন হৈছে। শেহতীয়াকৈ নিউয়ৰ্কৰ আদালতে মণিকাক ভাৰতলৈ ঘূৰাই পঠোৱাৰ নিৰ্দেশ দিছে। আদালতত অভিযুক্তই দাবী কৰিছিল যে, ভাৰতলৈ ঘূৰি গ’লে তেওঁ হাৰাশাস্তিৰ সন্মুখীন হ’ব। কিন্তু নিউয়ৰ্কৰ আদালতে তেওঁৰ এই যুক্তি খাৰিজ কৰিছে।

CBIয়ে জনাইছে যে, মণিকাই তেওঁৰ দুই ভাতৃৰ সৈতে পৰিকল্পনা কৰি ৰপ্তানি সম্পৰ্কিত বিভিন্ন চৰকাৰী নথি নকল কৰিছিল। শ্বিপিং বিলৰ পৰা ইনভইচ আৰু বেংকৰ নথিলৈকে সকলো নকল কৰি কেন্দ্ৰৰ পৰা শুল্কমুক্তভাৱে সোণ আমদানিৰ পৰিকল্পনা কৰিছিল। তাৰ পিছত সেই লাইচেন্স দীপ এক্সপ’ৰ্চ নামৰ এটা কোম্পানীৰ হাতত বিক্ৰী কৰা হৈছিল। ১৯৯৮ চনত সংঘটিত এই ঘটনাৰ পিছৰ বছৰ মণিকা বিদেশলৈ পলাই যায়। তেতিয়াৰ পৰা তেওঁক ভাৰত প্ৰেৰণৰ প্ৰচেষ্টা চলি আছিল। অৱশেষত কেন্দ্ৰীয় তদন্তকাৰীসকলৰ এই প্ৰচেষ্টা সফল হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...