কেৱল মেচেই নহয়, কোটি-কোটি দেশবাসীৰ হৃদয় জিনিছে আকাশ দীপে

এজবাষ্টনত মেচ জয়ী নিৰ্ণায়ক বলিঙৰ পিছত বলাৰ আকাশদীপৰ মুখত শুনা গৈছিল তেওঁৰ বায়েকৰ কৰ্কট ৰোগৰ কথা। তেওঁ কৈছিল, প্ৰতিটো বল কৰোঁতে তেওঁৰ বায়েকৰ মুখখন তেওঁৰ চকুৰ আগত ভাঁহি উঠিছিল। জানিব পৰা গৈছে যে তেওঁৰ বায়েক, অৰ্থাৎ অখণ্ড জ্যোতি সিংহৰ চিকিৎসাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। লগত আছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মেনেজমেণ্ট আৰু বেংগলৰ ৰাজ্যিক দল।

এই তথ্য প্ৰকাশ কৰিছে আকাশদীপৰ শৈশৱৰ বন্ধু বৈভৱ কুমাৰে। সংবাদ সংস্থা ‘এএনআই’-ক দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছে, “প্ৰথম পৰ্যায়ত কৰ্কট ৰোগ ধৰা পৰিছিল। লক্ষ্ণৌ দলে বহু সহায় কৰিছে। বাহিৰৰ পৰা চিকিৎসক আনিব লগা হৈছিল। লক্ষ্ণৌত ভাল চিকিৎসা পোৱা গৈছে। মুম্বাইতো বাহিৰৰ পৰা চিকিৎসক আহিছিল। বিচিচিআই, লক্ষ্ণৌ দলৰ পৰিচালনা সমিতি, আনকি আকাশে যি ৰাজ্যৰ হৈ খেলে সেই বেংগল দলেও সহায় কৰিছে। এতিয়া বায়েক ভাল হৈছে। কোনো সমস্যা নাই।”

এজবাষ্টনত খেলৰ অন্তত ভাৰতৰ টেষ্ট ক্ৰিকেটাৰ (এই শৃংখলাত ধাৰাভাষ্যকাৰৰ ভূমিকাত থকা) চেতেশ্বৰ পূজাৰাৰ সৈতে কথা পাতে আকাশে। তাতেই উত্থাপিত হয় তেওঁৰ পৰিয়ালৰ কথা। পূজাৰাই আকাশক সুধিছিল, “খেলৰ পিছত স্মাৰক হিচাপে ষ্টাম্প আৰু বল লৈছে। এইটো নিশ্চয় ঘৰলৈ গৈ সকলোকে দেখুৱাব।” উত্তৰত আকাশে কৈছিল, “এটা কথা মই কাকো কোৱা নাই। মোৰ ডাঙৰ বা দুমাহ ধৰি কৰ্কট ৰোগত ভুগি আছে। বৰ কষ্ট হৈছে। মই তেওঁৰ মুখত হাঁহি বিচাৰিছিলোঁ। প্ৰতিটো বলৰ সময়ত মোৰ চকুৰ আগত তেওঁৰ মুখ ভাঁহি উঠিছিল। মই তেওঁৰ বাবে উইকেট ল’ব বিচাৰিছিলোঁ। তেওঁৰ কথা ভাৱিছিলোঁ। তেওঁৰ মুখত হাঁহি বিয়পাব পাৰিছোঁ। এই জয় তেওঁৰ বাবে।” এই কথা কওঁতে আকাশৰ চকুত পানী আছিল। লগতে মুখত হাঁহি। তেওঁক দেখি পূজাৰাও আৱেগিক হৈ পৰিছিল। তেওঁ প্ৰাৰ্থনা কৰিছিল যাতে আকাশৰ বায়েক সোনকালে সুস্থ হৈ উঠে।

‘ইণ্ডিয়া টুডে’-ক দিয়া এক সাক্ষাৎকাৰত বায়েক জ্যোতিয়ে কৈছে, ভায়েকৰ এই প্ৰদৰ্শনত তেওঁ কিমান গৰ্বিত। তেওঁ কৈছে, “দেশক তেওঁ গৰ্বিত কৰিছে। ১০টা উইকেট লৈছে। মই মোৰ ভাইৰ বাবে গৰ্বিত। তাক এটা কথাই কৈছো। মই ভালে আছোঁ। মোৰ বাবে চিন্তা কৰিব নালাগে। মাত্ৰ এনেকৈয়ে দেশক জয়ী কৰি থাকক।” জ্যোতিয়ে জনাইছে, তেওঁৰ কৰ্কট ৰোগ এতিয়া তৃতীয় পৰ্যায়ত আছে। চিকিৎসকসকলে জনাইছে, এতিয়াও অন্ততঃ ছমাহ তেওঁৰ চিকিৎসা চলিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...