এইবাৰ গাজালৈ দৃষ্টি ট্ৰাম্পৰ! ট্ৰাম্পে বিচাৰিছে হামাছ-ইজৰাইলৰ যুদ্ধবিৰতি

আগন্তুক এসপ্তাহৰ ভিতৰত গাজা আৰু ইজৰাইলৰ মাজত সংঘৰ্ষবিৰতি হ’ব পাৰে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইতিমধ্যে ঘোষণা কৰিছে। দেওবাৰেও তেওঁ সামাজিক মাধ্যম ‘ট্ৰুথ ছ’চিয়েল’ত লিখিছে, “গাজাৰ সৈতে চুক্তিখন এইবাৰ হওক। বন্দীসকলক ঘূৰাই আনক।”

শুকুৰবাৰে ট্ৰাম্পে সাংবাদিকসকলক কৈছিল যে, দুয়োখন দেশৰ মাজত যুদ্ধ বন্ধ কৰিবলৈ মধ্যস্থতাকাৰী কেইজনমানৰ সৈতে কথা পাতি তেওঁৰ ধাৰণা হৈছে যে, আগন্তুক এসপ্তাহৰ ভিতৰত বুজাবুজিত উপনীত হোৱাটো সম্ভৱ। ট্ৰাম্পৰ মতে, “মোৰ মনে কৈছে, আৰু বেছি দেৰি নাই। এই বিষয়ত জড়িত কেইজনমানৰ সৈতে কথা হৈছে। অহা সপ্তাহৰ ভিতৰত সংঘৰ্ষবিৰতি কাৰ্যকৰী হ’ব।”

২০২৩ চনৰ অক্টোবৰত হামাছে দক্ষিণ ইজৰাইলত আক্ৰমণ চলাইছিল। তাত প্ৰায় ১২০০ জনৰ প্ৰাণ গৈছিল আৰু প্ৰায় আঢ়ৈশ জনক বন্দী কৰা হৈছিল। আমেৰিকাৰ সংবাদমাধ্যম ‘দ্য গাৰ্ডিয়ান’ৰ প্ৰতিবেদন অনুসৰি, এতিয়াও প্ৰায় ৫০জন ইজৰাইলী নাগৰিক হামাছৰ হাতত বন্দী হৈ আছে। এই ঘটনাৰ পিছত ইজৰাইলেও হামাছৰ ওপৰত প্ৰত্যাক্ৰমণ চলাইছিল। দীৰ্ঘদিন ধৰি সংঘৰ্ষ চলি থকাৰ পিছত এই বছৰৰ জানুৱাৰী মাহত দুয়োপক্ষই সংঘৰ্ষবিৰতিত ৰাজি হৈছিল। কিন্তু মাৰ্চ মাহত ইজৰাইলে পুনৰ সংঘৰ্ষবিৰতি ভংগ কৰি আক্ৰমণ আৰম্ভ কৰে, যাৰ ফলত ইজৰাইল-হামাছৰ আলোচনা বিফল হয়।

সংবাদ সংস্থা ৰয়টাৰ্ছক হামাছে জনাইছে যে, তেওঁলোক আলোচনাৰ বাবে সাজু, কিন্তু কিছুমান চৰ্ত আছে। সেই চৰ্তসমূহ হ’ল— অতি শীঘ্ৰে যুদ্ধ বন্ধ কৰিব লাগিব আৰু ইজৰাইলে গাজা এৰিব লাগিব।

কিন্তু বেঞ্জামিন নেতানিয়াহুৰ দেশে এই চৰ্ত মানিবলৈ আগ্ৰহী নহয়। বৰং শেহতীয়া কেইবাটাও প্ৰতিবেদনত জনা গৈছে যে, ইজৰাইলী সেনাই গাজাৰ নিৰীহ, নিৰস্ত্ৰ লোকসকলক লক্ষ্য কৰি আক্ৰমণ চলাইছে। খাদ্যৰ শাৰীত থিয় হৈ থকা ভোকাতুৰ লোকসকলৰ ওপৰতো আক্ৰমণ কৰা হৈছে। কেৱল এয়াই নহয়, পেলেষ্টাইনীসকলৰ ঘৰ-দুৱাৰ জ্বলাই দিয়াৰো অভিযোগ উঠিছে ইজৰাইলীসকলৰ বিৰুদ্ধে।

গাজাত গণহত্যাৰ বাবে বিশ্বজুৰি ইজৰাইলৰ নিন্দা আৰু সমালোচনা হৈছে। যুদ্ধ বন্ধ কৰাৰ দাবীত দেশৰ ভিতৰতো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ-বিক্ষোভ আৰম্ভ হৈছে। ঘৰে-বাহিৰে নেতানিয়াহুৰ চৰকাৰ তীব্ৰ চাপৰ সন্মুখীন হৈছে।

ইজৰাইল প্ৰশাসনৰ সূত্ৰৰ খবৰ অনুসৰি, চৰকাৰৰ কৌশলগত বিভাগৰ মন্ত্ৰী ৰন ডাৰ্মাৰে আগন্তুক সপ্তাহত ৱাশ্বিংটনলৈ যাব। তাত গাজা আৰু ইৰাণৰ বিষয়ে আলোচনা হ’ব পাৰে। একে সময়তে প্ৰধানমন্ত্ৰী নেতানিয়াহুৰো হোৱাইট হাউচলৈ যোৱাৰ কথা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...