ইউক্ৰেইনৰ ওপৰত এটাৰ পিছত এটা ৰুছ ক্ষেপণাস্ত্ৰ পৰিছে। ৰয়টাৰ্ছৰ বাতৰি অনুসৰি, এজন জানিব পৰা গৈছে যে বিগত তিনি বছৰৰ ভিতৰত এয়া ৰাছিয়াৰ আটাইতকৈ ডাঙৰ আকাশপথৰ আক্ৰমণ! দেওবাৰে এই আক্ৰমণ চলোৱা হৈছে বুলি খবৰ পোৱা গৈছে। কেৱল ক্ষেপণাস্ত্ৰ নহয়, ৰুছ সেনাই ড্ৰ’ন আক্ৰমণো চলাইছে বুলি ৰয়টাৰ্ছৰ সূত্ৰত জানিব পৰা গৈছে। ইউক্ৰেইনৰ সেনাৰ সূত্ৰই দাবী কৰিছে যে ৰুছ আক্ৰমণ প্ৰতিৰোধ কৰাৰ সময়ত এখন এফ-১৬ যুদ্ধবিমান ধ্বংস হৈছে আৰু এজন পাইলটৰ মৃত্যু হৈছে।
স্থানীয় প্ৰশাসনে জনোৱা মতে, ৰাছিয়াই পশ্চিম, দক্ষিণ আৰু মধ্য ইউক্ৰেইনত নিশাৰ ভাগত বিমান আক্ৰমণ চলাইছে। ড্ৰ’নৰ লগতে ক্ৰুজ আৰু বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। এই ৰুছ আক্ৰমণত ইউক্ৰেইনৰ কেইবাটাও আবাসিক এলেকা আৰু অৱকাঠামো ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ছয়জনৰ মৃত্যু হৈছে।
২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে চৰকাৰী টেলিভিছন চেনেলত দেশক উদ্দেশ্যে দিয়া ভাষণত কিভৰ বিৰুদ্ধে ‘সামৰিক অভিযান’ৰ ঘোষণা কৰিছিল। তেতিয়াৰ পৰা আক্ৰমণ আৰু প্ৰতি-আক্ৰমণত দুয়োখন দেশ বিধ্বস্ত হৈছে। কিন্তু কোনোপক্ষই পৰস্পৰৰ বিৰুদ্ধে আক্ৰমণৰ পথৰ পৰা পিছুওৱা নাই। ইউক্ৰেইনৰ সেনাবাহিনীৰ সূত্ৰ মতে, তিনি বছৰ ধৰি চলি থকা এই যুদ্ধত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে চলোৱা এয়া ‘আটাইতকৈ ডাঙৰ আকাশীপথৰ আক্ৰমণ’। এপি সংবাদ সংস্থাক ইউক্ৰেইনৰ ফালৰ পৰা জনোৱা মতে, এটা নিশাই ৫০০ৰো অধিক ড্ৰ’ন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে।
ইউক্ৰেইনৰ বিমানবাহিনীৰ মতে, ৪৭৭খন ড্ৰ’নৰ দ্বাৰা আক্ৰমণ কৰা হৈছে আৰু ৬০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ৰুছ সেনাই। তাৰ ভিতৰত ২৪৯টা ড্ৰ’ন গুলীয়াই ভূপতিত কৰা হৈছে আৰু ২০০ৰো অধিক ড্ৰ’নক ‘ইলেকট্ৰনিক জেমিঙ’ৰ জৰিয়তে নিষ্ক্ৰিয় কৰিছে ইউক্ৰেইনৰ সেনা বাহিনীয়ে। ইউক্ৰেইনৰ বিমানবাহিনীৰ তৰফৰ পৰা ইউৰি ইহনাথে এপিৰ আগত দাবী কৰিছে, “এয়া আছিল আটাইতকৈ ডাঙৰ বিমান আক্ৰমণ।” ৰয়টাৰ্ছৰ বাতৰি অনুসৰি, ইউক্ৰেইনৰ সেনাবাহিনীৰ বিবৃতি উল্লেখ কৰি জানিব পৰা গৈছে যে, ৰুছ আক্ৰমণ বহুলাংশে প্ৰতিৰোধ কৰা হৈছে। এফ-১৬ যুদ্ধবিমানৰ পাইলটে ৰুছ সেনাৰ অন্ততঃ সাতখন বিমান গুলীয়াই নমাইছে। কিন্তু শেষৰটো আক্ৰমণৰ সময়ত এফ-১৬ বিমানখন ক্ষতিগ্ৰস্ত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই বিমানখন তললৈ পৰি যায় আৰু পাইলটৰ মৃত্যু হয়।
উল্লেখযোগ্য যে, ২০২৪ চনত ইউক্ৰেইনে প্ৰথমবাৰৰ বাবে এফ-১৬ যুদ্ধবিমান লাভ কৰিছিল। নেদাৰলেণ্ড আৰু ডেনমাৰ্কৰ পৰা দুখনকৈ যুদ্ধবিমান আহিছিল। তাৰে এখন ধ্বংস হৈছে বুলি খবৰ পোৱা গৈছে।
