অস্ত্ৰ ক্ৰয়ৰ বাবে বিপুল পৰিমাণৰ ধন ব্যয় কৰিছে পাকিস্তানে; শিক্ষাৰ বাবে আবণ্টনৰ হাৰ সৰ্বনিম্ন

পাকিস্তানে ২৩ লাখ কোটি টকা (৭৬ লাখ কোটি পাকিস্তানী ৰুপী) ঋণৰ বোজা মূৰত লৈয়ো প্ৰতিৰক্ষা বাজেট ক্ৰমাগতভাৱে বৃদ্ধি কৰি আছে। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ চৰকাৰে চীনৰ পৰা উচ্চ মূল্যত পঞ্চম প্ৰজন্মৰ স্টেল্থ যুদ্ধবিমান জেএফ-৩৫ ক্ৰয়ৰ সিদ্ধান্তো গ্ৰহণ কৰিছে। ইয়াৰ প্ৰত্যক্ষ নেতিবাচক প্ৰভাৱ পৰিছে শিক্ষা খণ্ডত।

ভাৰতৰ ভয় দেখুৱাই সামৰিক শক্তি বৃদ্ধিৰ প্ৰয়াসে পাকিস্তানৰ শিক্ষাব্যৱস্থাক কাৰ্যতঃ পংগু কৰি তুলিছে বুলি আন্তৰ্জাতিক সংগঠন ‘চেভ দ্য চিলড্ৰেন’ৰ এখন প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ‘পাকিস্তান ইক’নমিক ছাৰ্ভে’ৰ তথ্য অনুসৰি, ২০২৪ চনৰ জুলাইৰ পৰা ২০২৫ চনৰ মাৰ্চলৈ শিক্ষা খণ্ডত ব্যয় ২৯ শতাংশ হ্ৰাস পাইছে। ২০১৮ চনৰ পৰা জিডিপিৰ অনুপাতত শিক্ষা খণ্ডৰ পুঁজি ক্ৰমাগতভাৱে কমি আহি বৰ্তমান মাত্ৰ ০.৮ শতাংশত থিয় দিছে, যিটো পাকিস্তানৰ ইতিহাসত সৰ্বনিম্ন!

ইয়াৰ ফলত পাকিস্তানত প্ৰতি তিনিজন শিশুৰ ভিতৰত এজন স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হৈছে বুলি ‘চেভ দ্য চিলড্ৰেন’ৰ প্ৰতিবেদনত কোৱা হৈছে। সংখ্যাত এই শিশুৰ সংখ্যা আঢ়ৈ কোটিৰো অধিক। ৰাষ্ট্ৰসংঘৰ পৰামৰ্শ অনুসৰি, যিকোনো দেশৰ জিডিপিৰ ৪-৬ শতাংশ শিক্ষা খণ্ডত ব্যয় হ’ব লাগে। কিন্তু পাকিস্তানৰ অৱস্থান এই পৰামৰ্শৰ তুলনাত বহু নিম্ন। উল্লেখযোগ্য যে, বিগত বছৰ শ্বাহবাজ চৰকাৰে ২০২৯ চনৰ ভিতৰত জিডিপিৰ ৪ শতাংশ শিক্ষা খণ্ডত ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বৰ্তমান পৰিস্থিতিত সেয়া কাৰ্যতঃ অসম্ভৱ বুলি বিভিন্ন আন্তৰ্জাতিক শিক্ষা সংগঠনে মত প্ৰকাশ কৰিছে।

২০২৪-২৫ বিত্তীয় বৰ্ষত পাকিস্তানৰ প্ৰতিৰক্ষা খণ্ডত আবণ্টন আছিল প্ৰায় দুই লাখ কোটি পাকিস্তানী ৰুপী। তাৰ আগৰ ২০২৩-২৪ বিত্তীয় বৰ্ষত এই খণ্ডত আবণ্টন আছিল এক লাখ আশী হাজাৰ কোটি পাকিস্তানী ৰুপী। ২০২৩-২৪ৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা খণ্ডৰ আবণ্টন ১৪.৯৮ শতাংশ বৃদ্ধি কৰা হৈছিল। চলিত বিত্তীয় বৰ্ষত শ্বাহবাজ চৰকাৰে এই আবণ্টন আৰু অধিক বৃদ্ধিৰ ঘোষণা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...