সাংবাদিক ফাৰহানা আহমেদক জাৰ্মানীৰ ইণ্ডিয়া ৱিকলৈ আমন্ত্ৰণ

অহা ২৩ জুনৰ পৰা জাৰ্মানীৰ হামবাৰ্গত অনুষ্ঠিত হ’বলগীয়া একাদশ ইণ্ডিয়া ৱিক (ভাৰত সপ্তাহ)ত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে দ্য আছাম ট্ৰিবিউন কাকতৰ উত্তৰ লখিমপুৰৰ সংবাদদাতা ফাৰহানা আহমেদক।

এগৰাকী চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা আৰু বিভিন্ন আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ জুৰী সদস্য ফাৰহানা আহমেদক হামবাৰ্গৰ চিটি কাউন্সিলে বাৰ্ষিক ইণ্ডিয়া উইক কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনাইছে য’ত তেওঁৰ চুটি ছবি এক’জ ফ্ৰম দ্য ব্লু হিলছ প্ৰদৰ্শিত হ’ব।

ইণ্ডিয়া উইক হামবাৰ্গ হৈছে ভাৰত-জাৰ্মান সহযোগিতাৰ বাবে এক বিস্তৃত মঞ্চ প্ৰদান কৰা এক বাৰ্ষিক অনুষ্ঠান। হামবাৰ্গ চহৰখনৰ ৭০টাতকৈও অধিক অনুষ্ঠানৰ আয়োজন কৰা এই সপ্তাহজোৰা এই উদযাপনত ভাৰতৰ সংস্কৃতিৰ সমৃদ্ধি আৰু জাৰ্মানীৰ সৈতে ইয়াৰ গতিশীল অংশীদাৰিত্ব প্ৰদৰ্শন কৰা হ’ব। ভাৰত সপ্তাহ হামবাৰ্গৰ এইবাৰৰ বিষয়বস্তু হৈছে পজিচনিং পাৰ্টনাৰশ্বিপ যাৰ উদ্দেশ্য হৈছে
কুশলী প্ৰব্ৰজন আৰু বহনক্ষম উন্নয়নৰ পৰা আৰম্ভ কৰি ডিজিটেল উদ্ভাৱন, সাংস্কৃতিক আৰু কূটনীতি আদিক সামৰি দুয়োখন দেশৰ মাজত সহযোগিতাৰ বিকাশশীল আখ্যানক প্ৰতিফলিত কৰা৷
ইতিমধ্যে জাৰ্মানীলৈ ৰাওনা হৈছে ফাৰহানা আহমেদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...