ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাকচিয়ে শুকুৰবাৰে ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত বহাৰ কথা ঘোষণা কৰিছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে তেওঁৰ উদ্ধৃতি দি এই খবৰ প্ৰকাশ কৰিছে। আৰাকচিয়ে জনোৱা মতে, এই তিনিখন দেশৰ অনুৰোধত তেওঁ জেনেভাত বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত ইউৰোপীয় সংঘৰ শীৰ্ষ কূটনীতিকো উপস্থিত থাকিব। ইৰাণে এই বৈঠকত ৰাজি হোৱাৰ পিছতেই জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে, আমেৰিকা, ইজৰাইল আৰু পশ্চিমীয়া দেশসমূহৰ চাপত ইৰাণে হয়তো নতিস্বীকাৰ কৰিব। ইউৰেনিয়াম সমৃদ্ধকৰণ কাৰ্যসূচী বন্ধ কৰিবলৈ ইৰাণে সিদ্ধান্ত ল’ব নেকি, তাক লৈও প্ৰশ্ন উঠিছে।
সূত্ৰৰ খবৰ মতে, ছুইজাৰলেণ্ডৰ জেনেভাত ইউৰোপীয় সংঘৰ শীৰ্ষ কূটনীতিক কাজা কাল্লাছৰ সৈতে ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ প্ৰতিনিধিসকলে বৈঠকত বহিব। তাৰ পিছত তেওঁলোকে ইৰাণৰ বিদেশ মন্ত্ৰী আৰাকচিৰ সৈতে বৈঠক কৰিব পাৰে। ইজৰাইল-ইৰাণৰ মাজত সংঘাতৰ পৰিস্থিতিত ইউৰোপীয় সংঘ সক্ৰিয় হৈ উঠিছে। জাৰ্মান প্ৰশাসনৰ এটা সূত্ৰই কয় যে, ইউৰোপীয় সংঘ আৰু তিনিখন দেশৰ প্ৰতিনিধিৰ সৈতে ইৰাণৰ এই বৈঠকত আমেৰিকাৰো সহযোগিতা আছে। বৈঠকৰ উদ্দেশ্য হৈছে ইৰাণৰ পৰা এই প্ৰতিশ্ৰুতি আদায় কৰা যে বিদ্যুৎ উৎপাদন আৰু নাগৰিকৰ স্বাৰ্থৰ বাহিৰে পৰমাণু শক্তি অন্য কোনো কামত ব্যৱহাৰ নকৰা হ’ব। ৰয়টাৰ্ছ সংবাদ সংস্থাই জাৰ্মান প্ৰশাসনৰ সূত্ৰৰ উদ্ধৃতি দি এই কথা জনাইছে।
সেই সূত্ৰই আৰু কয় যে, ইউৰোপীয় সংঘ আৰু তিনিখন দেশৰ সৈতে ইৰাণৰ বৈঠকৰ পিছত বিশেষজ্ঞ পৰ্যায়ত আলোচনা হ’ব পাৰে। পৰমাণু অস্ত্ৰ নিৰ্মাণ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি কেৱল কাগজত নহৈ, বাস্তৱতো কাৰ্যকৰী কৰাৰ বিষয়েও বৈঠকত আলোচনা হ’ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ আছে।
ইজৰাইলে বাৰে বাৰে দাবী কৰিছে যে ইৰাণে পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰিছে আৰু তাৰ দ্বাৰা ক্ষতি হ’ব পাৰে। ইৰাণে এই দাবী নাকচ কৰিছে। আমেৰিকাই এতিয়াও ‘বন্ধু’ ইজৰাইলৰ সমৰ্থনত ইৰাণত প্ৰত্যক্ষ আক্ৰমণ চলোৱা নাই, যদিও তেনে সম্ভাৱনা কেতিয়াও নুই কৰা নাই। প্ৰত্যক্ষ যুদ্ধত জড়িত নোহোৱাকৈ আমেৰিকাই ইৰাণক আক্ৰমণৰ পথ বিচাৰিছে বুলি প্ৰতিবেদনত কোৱা হৈছে। এই পৰিস্থিতিত জাৰ্মান চান্সেলৰ ফ্ৰিডৰিখ মেৰ্জে ইজৰাইলক সমৰ্থন জনাইছে। তেহৰানক সমালোচনা কৰি তেওঁ কৈছে যে, ইৰানীসকলে এতিয়া পিছুৱাই দিয়া উচিত। বুধবাৰে জাৰ্মানৰ বিদেশ মন্ত্ৰী য়োহান ভাডেফুলে ইৰাণৰ নেতাসকলক বুজাবুজিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। তেওঁ কৈছে, “আলোচনাৰ মেজত যিকোনো সময়তে বহিব পাৰি। দেৰি নহয়।” শুকুৰবাৰৰ বৈঠকত ইউৰোপীয় সংঘ আৰু তিনিখন দেশে ইৰাণক সেই আলোচনাৰ মেজলৈ আনিব পাৰিব নেকি, সেই দিশত সকলোৰ দৃষ্টি নিবদ্ধ থাকিব।
