ৰিয়েল ইষ্টেট ব্যৱসায়ীক হানিট্ৰেপিং কৰি দাবী কৰিছিল ২ কোটি টকা; ১০ মাহ ধৰি পলাই থকা কীৰ্তিক গ্ৰেপ্তাৰ

দহ মাহ ধৰি আৰক্ষীয়ে তেওঁক বিচাৰি ফুৰিছিল। অৱশেষত বুধবাৰে গ্ৰেপ্তাৰ হ’ল গুজৰাটৰ ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ কীৰ্তি পটেল। এজন ৰিয়েল ইষ্টেট ব্যৱসায়ীক যৌনতাৰ ফান্দত পেলাই তেওঁৰ পৰা দীৰ্ঘদিন ধৰি কেইবা কোটি টকা আদায় কৰাৰ অভিযোগ উঠিছিল কীৰ্তিৰ বিৰুদ্ধে। বিগত বছৰৰ জুন মাহত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল আদালতে। কিন্তু আৰক্ষীয়ে কীৰ্তিৰ সন্ধান পোৱা নাছিল।

বুধবাৰে গোপন সূত্ৰৰ পৰা খবৰ পাই আহমেদাবাদত তালাচী অভিযানত নামে আৰক্ষীৰ এটা দল। তাৰ পৰা এই ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ গৰাকীক গ্ৰেপ্তাৰ কৰা হয়। তদন্তকাৰী এজন বিষয়াই জনাইছে, চুৰাটৰ এজন ব্যৱসায়ীক যৌনতাৰ ফান্দত পেলাই তেওঁক ভয় দেখুৱাই টকা দাবী কৰিছিল ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ কীৰ্তিয়ে। এই ঘটনাত আৰু চাৰিজনৰ বিৰুদ্ধেও অভিযোগ দাখিল হৈছিল। তেওঁলোকক আগতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু কীৰ্তি পলাই ফুৰিছিল।

চুৰাট আদালতে কীৰ্তিৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ তেওঁ বিভিন্ন চহৰত পলাই ফুৰিছিল। ইয়াৰ উপৰিও, পুলিচক বিভ্ৰান্ত কৰিবলৈ তেওঁ মোবাইলৰ ছিম কাৰ্ডো সঘনাই সলনি কৰিছিল। আৰক্ষীয়ে তেওঁৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল। বুধবাৰে আহমেদাবাদৰ ছৰখেজ অঞ্চলৰ পৰা অৱশেষত এই ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে। আহমেদাবাদৰ ডেপুটি পুলিচ কমিছনাৰ আলোক কুমাৰে কয়, “বিগত দহ মাহ ধৰি কীৰ্তিৰ সন্ধান চলি আছিল। আমাৰ চাইবাৰ আৰু প্ৰযুক্তি বিশেষজ্ঞৰ সহায়ত আৰু বিভিন্ন সূত্ৰৰ সহযোগিতাত কীৰ্তিৰ সন্ধান পোৱা গৈছিল।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...