ইজৰাইলৰ টেল আভিভ, জেৰুজালেমত ক্ষেপণাস্ত্ৰ নিক্ষেপ ইৰাণৰ!

ইৰাণ আৰু ইজৰাইলৰ সংঘাতৰ ফলত পশ্চিম এছিয়া অশান্ত হৈ আছে। ইৰাণে জেৰুজালেম আৰু টেল আভিভক লক্ষ্য কৰি একেৰাহে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে। ইজৰাইলেও প্ৰত্যাঘাত কৰিছে। শনিবাৰ আৰু ৰবিবাৰৰ মাজনিশা দুয়োখন দেশৰ বিস্তীৰ্ণ অঞ্চলত ক্ষেপণাস্ত্র বৰ্ষণ হৈছে। ইয়াৰ ফলত প্ৰচুৰ ক্ষয়-ক্ষতি হৈছে। ইৰাণৰ ক্ষেপণাস্ত্রৰ আঘাতত ইজৰাইলৰ দুখন ডাঙৰ চহৰত বহু অট্টালিকা ভাঙি পৰিছে। প্ৰশাসনে কেইবাজনো লোকৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। একেদৰে ইজৰাইলে ইৰাণৰ তেলৰ ভঁৰালক লক্ষ্য কৰি ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে। যদিও ইৰাণৰ চৰকাৰে এতিয়ালৈকে কোনো ডাঙৰ ক্ষতিৰ কথা স্বীকাৰ কৰা নাই, তথাপিও নিশাৰ আক্ৰমণত ইৰাণতো বহু লোকৰ মৃত্যু হৈছে।

ইজৰাইলৰ সামৰিক বাহিনীৰ মতে, শনিবাৰৰ নিশাৰ পৰা ৰবিবাৰৰ পুৱাৰ ভিতৰত ইৰাণৰ পৰা একেৰাহে ক্ষেপণাস্ত্র নিক্ষেপ কৰা হৈছে। কিছুমানৰ লক্ষ্য আছিল টেল আভিভ, আৰু কিছুমানৰ ৰাজধানী জেৰুজালেম। দুয়োখন চহৰতে ৰবিবাৰৰ পুৱাৰ পৰা চাইৰেন অবিৰতভাৱে বাজি আছে। ৰয়টাৰ্ছৰ মতে, টেল আভিভৰ আকাশত নিশা বহু ক্ষেপণাস্ত্র দেখা গৈছিল। প্ৰতিৰোধৰ পাছতো কেইবাটাও ইৰানী ক্ষেপণাস্ত্র ইজৰাইলৰ মাটিত পৰিছে। উত্তৰ ইজৰাইলত তিনিগৰাকী মহিলাৰ মৃত্যুৰ খবৰ নিশ্চিত হৈছে। আহতৰ সংখ্যা কমেও ১০জন। মধ্য ইজৰাইলত এটি ১০মহলীয়া অট্টালিকা ভাঙি পৰিছে।

ইজৰাইলৰ ক্ষেপণাস্ত্র নিশা তেহৰানৰ শাহৰান তৈলভঁৰালত পৰিছে। ছবিত দেখা গৈছে তেলৰ ভঁৰাল জ্বলি থকাৰ দৃশ্য। ইৰাণৰ মতে, পৰিস্থিতি নিয়ন্ত্রণত আছে। তেহৰানৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ ভৱনতো এটি ক্ষেপণাস্ত্র পৰিছিল, সামান্য ক্ষতি হৈছে। ইৰাণৰ ৰেভলিউশ্যনাৰী গাৰ্ডে জনাইছে যে, ইজৰাইলৰ যুদ্ধবিমানৰ ইন্ধন কেন্দ্র আৰু বিদ্যুৎ পৰিকাঠামোক লক্ষ্য কৰা হৈছিল।

পৰমাণু চুক্তিৰ বিষয়ে আমেৰিকাৰ সৈতে মীমাংসা নকৰাৰ বাবে ইজৰাইলে ইৰাণত আক্ৰমণ চলাইছিল। তাত চাৰিজন শীৰ্ষ সেনা বিষয়া আৰু কেইবাজনো পৰমাণু বিজ্ঞানীৰ মৃত্যু হৈছিল। ইৰাণেও প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এই আক্ৰমণক সমৰ্থন কৰিছে। ৰবিবাৰৰ বৈঠক ইৰাণে বাতিল কৰাৰ পাছত সংঘাত আৰু বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...