মাস্কক ‘ৰাজনৈতিক আশ্ৰয়’ প্ৰদানৰ বাবে সাজু ৰাছিয়া

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ধনকুবেৰ ইলন মাস্কৰ সংঘাত এতিয়া প্ৰকাশ্য। ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰাৰ পিছত এক্সৰ স্বতাধিকাৰী মাস্কে তেওঁৰ সমালোচনা আৰম্ভ কৰিছে। ট্ৰাম্পেও মাস্কক প্ৰত্যুত্তৰ দি আহিছে। এনে পৰিস্থিতিত প্ৰয়োজন হ’লে মাস্কক ‘ৰাজনৈতিক আশ্ৰয়’ প্ৰদানৰ বাবে সাজু ৰাছিয়া। এই দাবী কৰিছে ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় বিষয়ক ষ্টেট ডুমা সমিতিৰ ডেপুটি চেয়াৰমেন আৰু কমিউনিষ্ট পাৰ্টিৰ ডেপুটি দিমিত্ৰি নভিকভে। ৰাছিয়া চৰকাৰৰ পৰা এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই। ক্ৰেমলিনৰ মুখপাত্ৰ পেছকভে কয়, “এয়া আমেৰিকাৰ ঘৰুৱা বিতৰ্ক। আমি ইয়াত হস্তক্ষেপ কৰিব নিবিচাৰোঁ। আশা কৰোঁ, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই বিষয়টো নিয়ন্ত্ৰণ কৰিব।”

ট্ৰাম্প-মাস্ক বিবাদৰ মাজত আমেৰিকাৰ কিছু লোকে দাবী কৰিছে যে, মাস্কক দেশৰ পৰা বহিষ্কাৰ কৰা উচিত। ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম তাছৰ পৰা নভিকভক এই সংঘাতৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। তেওঁ কয়, “মোৰ মতে মাস্কে সম্পূৰ্ণ ভিন্ন খেল খেলি আছে। তেওঁৰ কোনো ৰাজনৈতিক আশ্ৰয়ৰ প্ৰয়োজন নহ’ব। কিন্তু প্ৰয়োজন হ’লে ৰাছিয়াই নিশ্চিতভাৱে আশ্ৰয় দিব।” মাস্কৰ সৈতে ৰাছিয়ানসকলৰ ব্যক্তিগত মতানৈক্য থাকিলেও পৰিস্থিতি বিবেচনা কৰি সেইবোৰ উপেক্ষা কৰিব পৰা যায় বুলি দাবী নভিকভৰ। তেওঁ কৈছে, “বিগত কেইবছৰ ধৰি মাস্কে ৰাজনৈতিক যোগাযোগ গঢ়ি তুলিছে। গতিকে ব্যক্তিগত মতানৈক্যক এই ক্ষেত্ৰত পৃথক কৰি ৰাখিব পৰা যায়। বৰ্তমানৰ পৰিস্থিতিত আগন্তুক ৩ বছৰৰ ভিতৰত হোৱাইট হাউচত ডেম’ক্ৰেটসকলৰ প্ৰত্যাৱৰ্তন মাস্কে কোনোপধ্যেই নিবিচাৰিব বুলি মোৰ ধাৰণা। সেয়েহে তেওঁ নিৰ্দিষ্ট কৌশল মানি চলিব।”

কিয় হঠাৎ মাস্কৰ অন্য দেশত আশ্ৰয় লোৱাৰ প্ৰসঙ্গ উত্থাপিত হ’ল?

ট্ৰাম্পৰ সৈতে প্ৰকাশ্য বিবাদৰ পিছত হোৱাইট হাউচৰ প্ৰাক্তন কৰ্মকৰ্তা ষ্টিভ বেননে দাবী কৰিছে যে, মাস্কক তৎক্ষণাত আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা উচিত। আমেৰিকা চৰকাৰে মাস্কৰ কোম্পানী স্পেচএক্স অধিগ্ৰহণ কৰা উচিত। বেনন সদায় মাস্কৰ সমালোচক। তেওঁ সন্দেহ প্ৰকাশ কৰিছে যে, মাস্কৰ আমেৰিকাত প্ৰৱেশ ‘বে-আইনী’ হ’ব পাৰে। এই বিষয়ত বিশদ তদন্তৰ প্ৰয়োজন বুলিও তেওঁ কৈছে। ইয়াৰ পিছতেই নভিকভক মাস্কৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। ৰাছিয়া চৰকাৰে মাস্ক-ট্ৰাম্প বিবাদৰ বিষয়ে এতিয়া মন্তব্য কৰিব নিবিচাৰিলেও পুটিনৰ দেশৰ সংসদৰ সদস্য তথা কমিউনিষ্ট পাৰ্টিৰ ডেপুটিয়ে জনাইছে যে, প্ৰয়োজন হ’লে মাস্কে ৰাছিয়াত আশ্ৰয় পাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...