বজালী জিলাত আৰম্ভ হৈছে শ্বেত বিপ্লৱ

সীতাজখলাৰ পিছত বজালীত দুগ্ধ বিপ্লৱ
বজালীৰ গাখীৰ ক্ৰয় কৰিছে পূৰবী আৰু আমুলে
১০-১৫ হাজাৰ লিটাৰ গাখীৰ ক্ৰয় কৰে আমুলে

গুৱাহাটী, ২২ জুন, NKTV: সীতাজখলাৰ পিচত এইবাৰ নামনি অসমৰ বজালী জিলাত আৰম্ভ হৈছে শ্বেত বিপ্লৱ। বজালীত উৎপাদিত গাখীৰে চাহিদা পূৰণ কৰিছে আগশাৰীৰ দুগ্ধজাত সামগ্ৰীৰ প্ৰতিষ্ঠান পূৰবী আৰু আমুলৰ লাখ লাখ গ্ৰাহকৰ। প্ৰায় ২ লাখ গৰুৰে সমৃদ্ধ বজালীৰ দুগ্ধপালক সকলে সম্ভাৱনাৰ বতৰা কঢ়িয়াই আনিছে। বজালীত দৈনিক উৎপাদন হয় ৭৫-৮০ হাজাৰ লিটাৰ গাখীৰ। ৬ হাজাৰৰো অধিক গো পালকে উৎপাদন কৰে গাখীৰ। বজালী জিলাৰ চুকে কোণে থকা গো-পালক সকলৰ উদ্যমিতাৰ বাবে ৰাজ্য চৰকাৰে জিলাখনত গ্ৰহণ কৰিছে ৪.৬৮ কোটি টকীয়া প্ৰকল্প।

জিলাখনত প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা গাখীৰ কেৱল বজালী বা বৰপেটা জিলাতে সীমাবদ্ধ থকা নাই। ইয়াৰ গাখীৰ ক্ৰয় কৰিছে পূৰৱী আৰু আমুলৰ দৰে জনপ্ৰিয় ব্ৰেণ্ডে। দৈনিক ২৫ হাজাৰ লিটাৰ গাখীৰ ক্ৰয় কৰে পূৰবীয়ে। ১০-১৫ হাজাৰ লিটাৰ গাখীৰ ক্ৰয় কৰে আমুলে।

বজালীত থকা সৰু বৰ প্ৰায় ৩০ খন সমবায় সমিতিয়ে অৰিহণা যোগাই আহিছে এই শ্বেত বিপ্লৱত। বজালীৰ নিত্যানন্দৰ কামধেনু আৰু কাবেৰী দুগ্ধ উন্নয়ন সমিতিৰ লগতে মৰিপুৰ,নিত্যানন্দ আৰু কুমাৰ পাৰাত স্থাপন কৰা হৈছে ৩টা কৈ গাখীৰ শীতলীকৰণ শাখা। কেৱল গাখীৰেই নহয় অঞ্চলটোত গাখীৰৰ পৰা প্ৰস্তুত কৰা বহু সামগ্ৰীয়েও বিশেষ চাহিদা লাভ কৰিছে বজাৰত।

গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বজালীৰ গো পালক তথা দুগ্ধ উন্নয় সমতি সমূহে লোৱা নেতৃত্বই অঞ্চলটোৰ লগতে নামনি অসমৰ অৰ্থনীতিত অনাগত দিনত যে বিশেষ ভূমিকা গ্ৰহণ কৰিব সেয়া নিশ্চিত। বজালীত চৰকাৰে গ্ৰহণ কৰা কোটি টকীয়া দুগ্ধ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে জিলাখনত দুগ্ধ বিপ্লৱে অন্য এক দিশে গতি কৰাটো নিশ্চিত।

পাঠশালাৰ পৰা ৰাণা ডেকাৰ ৰিপৰ্ট, এন কে টিভি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...