পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক কেবিনেটত লোৱা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল দেৰগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত? পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ।

ভাবুকি থকা ব্যক্তিক দিয়া হ’ব PSO। PSOৰ দৰমহা বহন কৰিব লাগিব সুৰক্ষা লোৱা লোকজনে। PSOৰ বাবে চৰকাৰক দিব লাগিব মাহে ৭৫ হাজাৰ টকা। ১ অক্টোবৰৰ পৰা চাহ বাগানৰ কৰ্মীৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত। ২৫০ টকাকৈ বৃদ্ধি হ’ব চাহ শ্ৰমিকৰ মজুৰি। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ বাবে চূড়ান্ত অধিসূচনা। মেঘালয়ৰ দৰে অসমতো হ’ব মিউজিক কনছাৰ্ট। গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটক কনছাৰ্ট ভ্যেনু ৰূপে অনুমোদন। ৮ ডিচেম্বৰত গুৱাহাটীত হ’ব মেগা মিউজিক কনছাৰ্ট। ‘পোষ্ট মেলন’এ গুৱাহাটীত কৰিব মিউজিক কনছাৰ্ট। লাচিত বৰফুকন একাডেমীলৈ ২২৯ কোটি টকাৰ অনুমোদন। ডিব্ৰুগড়ত বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে ২৮৪ কোটি টকাৰ অনুমোদন। অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন ডিব্ৰুগড়ত হ’ব। ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামৰ বাবে ২০৯ কোটি টকাৰ অনুমোদন। খনিকৰ ষ্টেডিয়ামত ৩৫ হাজাৰ লোকে একেলগে বহিব পৰা ব্যৱস্থা থাকিব। নুমলীগড়ৰ তেল শোধনাগাৰত চৰকাৰে বিনিয়োগ কৰিব ২০৫ কোটি টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...