ডাৱৰ বিস্ফোৰণত ভয়াৱহ পৰিস্থিতি, উটি গৈছে ঘৰ–দুৱাৰ

ডাৱৰ বিস্ফোৰণত ভয়াৱহ পৰিস্থিতি, উটি গৈছে ঘৰ–দুৱাৰ। ভূমিস্খলনত পথতে পোত গৈছে গাড়ী। বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে জম্মু–কাশ্মীৰত।

ডাৱৰ বিস্ফোৰণৰ পিছত নামি অহা পানীৰ ঢলে সৃষ্টি কৰিলে অবৰ্ণনীয় পৰিস্থিতি। ধাৰাসাৰ বৰষুণত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ৩ গৰাকী লোকে। ৰাজপথতে শিল-বালিয়ে পুটি পেলাইছে যান–বাহন। বহু স্থানত ঘৰ–দুৱাৰো পুতি পেলাইছে পাহাৰৰ পৰা নামি অহা শিল মাটিয়ে।

দিশহাৰা হৈ পৰিছে সাধাৰণ লোক। নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। জম্মু–কাশ্মীৰৰ ৰামবানত দেওবাৰে পুৱাই প্ৰৱল বৃষ্টিপাত হয়। তাৰ পিছতে অঞ্চলটোলৈ নামি আহে বিপৰ্যয়। বৰষুণৰ লগতে ভূমিস্খলনে হাহাকাৰ আৱস্থাৰ সৃষ্টি কৰে। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে পথ যোগাযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...