কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ উপস্থিতিত অসমৰ শক্তি খণ্ডৰ সম্ভাৱনীয়তাৰ অন্বেষণ শীর্ষক অধিৱেশনত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
কেন্দ্ৰীয় পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত ‘এডভান্টেজ আছাম ২.০’ শীর্ষক সম্মিলনৰ অংশ হিচাপে আয়োজিত ‘অসমৰ শক্তি সম্ভাৱনাক বিকশাই তোলা: ভৱিষ্যতৰ বাবে তেল আৰু গেছৰ আন্ত:গাঁথনি, উদ্ভাৱন আৰু বিশ্বৰ শক্তি খণ্ডৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি বিনিয়োগ গঢ়ি তোলা’ শীর্ষক বিষয়ভিত্তিক অধিৱেশনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। এই অধিৱেশনত বিশ্বত শক্তিখণ্ডৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি শক্তি আন্তঃগাঁথনি উন্নয়ন, উদ্ভাৱন আৰু বিনিয়োগৰ সুযোগসমূহ ওপৰত গুৰুত্ব আৰোপ কৰি তেল আৰু গেছ খণ্ডত অসমৰ কৌশলগত পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়।
এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে ১৯ শতিকাৰ শেষৰ ফালে গতি লাভকৰা ভাৰতৰ তেল উদ্যোগক আগুৱাই নিয়াৰ দিশত অসমে অগ্রণী ভূমিকা পালন কৰিছিল। অসম ভাৰতৰ শক্তি খণ্ডৰ এক গুৰুত্বপূর্ণ অংশ হৈ আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যখনত বিশাল হাইড্র ‘কার্বন মজুত থকাৰ লগতে দক্ষ কর্মশক্তি আছে। চুবুৰীয়া অঞ্চলসমূহলৈ বিস্তৃত হোৱা ৰাজ্যখনৰ তেল আৰু গেছৰ সম্ভাৱনাই ৰাজ্যখনৰ উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। ভাৰতৰ শক্তিখণ্ডৰ মানচিত্ৰত অসমৰ বিষয়টো আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত দেশৰ বাৰ শতাংশ প্রাকৃতিক গেছ মজুত আছে আৰু দেশৰ স্থলভাগৰ প্ৰাকৃতিক গেছৰ আধা অংশ উৎপাদন কৰে। তেওঁ কয় যে ৭.৪৫ মিলিয়ন মেট্রিকটন (এম এম টি) শোধন ক্ষমতা থকা চাৰিটা শোধনাগাৰে দেশৰ তেলৰ প্ৰয়োজনীয়তাক পুৰণ কৰি আহিছে। ৰাজ্যখনৰ খুচুৰা নেটৱৰ্কত ১১৮০টা আউটলেট অন্তর্ভুক্ত হৈছে আৰু ইয়াৰ বাৰ্ষিক এল পি জি ব্যৱহাৰৰ পৰিমাণ ০.৫ এম এম টি। পেট্র’কেমিকেল খণ্ডৰ উদ্যোগ যেনে ব্রহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বি চি পি এল), অসম পেট্র’কেমিকেলচ্ লিমিটেড (এ পি এল) আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এল) আদিয়েও ৰাজ্যৰ ৰাজহত যথেষ্ট অৰিহণা যোগাই আহিছে। তেওঁ লগতে কয় যে, এই গুৰুত্বপূৰ্ণ উদ্যোগসমূহৰ পৰা বছৰি ১১,৭০০ কোটি টকাৰো অধিক ৰয়েল্টি আৰু কৰ সংগ্রহ হয়।
অসমৰ হাইড্ৰ’কাৰ্বন খণ্ডৰ ভৱিষ্যৎ উজ্জ্বল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে, ২০৩০ চনৰ ভিতৰত খাৰুৱা তেলৰ উপলব্ধতা দুগুণ কৰা বাবে লক্ষ্য গ্রহণ কৰা হৈছে। ইয়াৰ উপৰিও প্রাকৃতিক গেছৰ উৎপাদন ৩.২ পৰা ৬.৩ বিলিয়ন ঘনমিটাৰ (বি চি এম) লৈ বৃদ্ধি কৰাৰো পদক্ষেপ লোৱা হৈছে। বি চি পি এল আৰু এন আৰ এলৰ উন্নয়নৰ লগতে শোধনাগাৰ দুটাৰ সামৰ্থ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ইয়ে অসমক পেট্র’কেমিকেল হাব হিচাপে উত্থানৰ ইংগিত বহন কৰিছে আৰু ইয়াৰ ফলত ঔদ্যোগিক বিকাশ আৰু নিয়োগ সৃষ্টি দুয়োটা দিশকে উপকৃত কৰিব। তেওঁ লগতে কয় যে ‘হাইড্র ‘কার্বন ভিছন ২০৩০’ৰ অধীনত অসমে এই ক্ষেত্রত আন্তঃগাঁথনিগত উন্নয়নৰ সাক্ষী হৈ আছে। বাৰাউনী-গুৱাহাটী পাইপ লাইন (বি জি পি এল) ৰ দৰে প্ৰকল্পই অসমক ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতে সংযোগ কৰিছে আৰু ১,৬৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ-পূব গেছ গ্রীডে আঞ্চলিক সংযোগক সম্প্ৰসাৰিত কৰাৰ লগতে নিৰৱচ্চিন্ন শক্তি বিতৰণ সুনিশ্চিত কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে চিটি গেছ বিতৰণ (চি জি ডি) নেটৱৰ্ক দ্রুতগতিত সম্প্ৰসাৰিত কৰা হৈছে। সমগ্ৰ ৰাজ্যখনতে ২২ টা চি এন জি ষ্টেচনে নাগৰিকসকলৰ মাজত স্বচ্ছ শক্তি আহৰণত অৰিহণা যোগাইছে।
মুখ্যমন্ত্রীয়ে ভাষণ প্রসংগত কয় যে অইল ইণ্ডিয়া লিমিটেডে যোৰহাটত ভাৰতৰ প্ৰথমটো গ্রীন হাইড্ৰ’জেন প্লান্ট আৰম্ভ কৰিছে। সৌৰশক্তি ব্যৱহাৰ কৰি প্ৰতিদিনে ১০ কিলোগ্রামকৈ গ্রীণ হাইড্র’জেন উৎপাদন কৰা হৈছে। তেওঁ লগতে কয় যে আই আই টি গুৱাহাটী আৰু অইলৰ মাজত সহযোগিতমূলক প্রচেষ্টাই এই ক্ষেত্রত গৱেষণাৰ দিশতো অধিক দূৰ আগুৱাই লৈ গৈছে। পৰিবহণ আৰু উদ্যোগ খণ্ডত সেউজ হাইড্র’জেনক সংযোজিত কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমে আপস্ট্রিম আৰু ডাউনস্ট্রিম বিনিয়োগৰ এক সুযোগ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। শক্তি পৰিৱৰ্তনৰ পৰিসৰ অধিক বিকশাই তোলাৰ বাবে সেউজ হাইড্র’জেন, সেউজ এমোনিয়া, বহনক্ষম বিমান ইন্ধন, সংকোচিত জৈৱ গেছ আৰু স্মার্ট ৰাসায়নিক পদার্থয়ো সমানেই সম্ভাৱনীয়তা কঢ়িয়াই আনিছে বুলি তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্রীয়ে কয় যে ‘এডভান্টেজ আছাম ২.০’ শীর্ষক সম্মিলনত কেন্দ্ৰীয় পেট্র’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ উপস্থিতিয়ে অসমৰ শক্তিখণ্ডৰ সম্ভাৱনাক বিকশাই তোলাৰ দিশত শুভ বার্তা প্ৰেৰণ কৰিব। তেখেতৰ প্ৰয়াসত অসম শক্তিখণ্ডত চহকী হৈ উঠাৰ লগতে ৰাজ্যখনক বিকশিত ভাৰতলৈ অৱদান আগবঢ়োৱাৰ দিশতো অনুপ্রাণিত কৰিব। মুখ্যমন্ত্রীয়ে বঙাইগাঁও শোধনাগাৰৰ সামৰ্থ সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহায় আগবঢ়াইবলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।
এই বিষয়ভিত্তিক অধিৱেশনৰ সময়তে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰ আৰু আমগুৰিৰ কেইবাটাও চি এন জি খুচুৰা প্ৰকল্প আভাসীয়ভাৱে উদ্বোধন কৰে। অধিৱেশনৰ ভাষণ প্রদান কৰি কেন্দ্ৰীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে তৈলক্ষেত্র নিয়ন্ত্রণ আৰু উন্নয়ন আইন, অপেন এক্রিজ লাইচেঞ্চিং পলিছি আদি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ নীতিসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ লগতে কয় যে ৰাজ্যৰ শক্তি খণ্ডক অধিক বিকশাই তোলাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ দায়বদ্ধ। দেশৰ শক্তি খণ্ডৰ উন্নয়নত অসমে বিশেষ ভূমিকা গ্রহণ কৰিব পাৰিব বুলিও তেওঁ আত্মবিশ্বাস প্রকাশ কৰে।
অধিৱেশনৰ অংশ হিচাপে অনুষ্ঠিত আলোচনাত উদ্যোগ বিশেষজ্ঞ, গৱেষকসকলে ভাৰতৰ শক্তি খণ্ডত অসমৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। নতুন আৰু নৱীকৰণযোগ্য শক্তি, প্রযুক্তিগত উদ্ভাবন আৰু অঞ্চলটোৰ আন্তঃগাঁথনিৰ উন্নয়নৰ সম্পৰ্কটো অধিবেশনত আলোচনা কৰা হয়। বষ্টন কনছালটিং গ্ৰুপৰ পৰিচালন সঞ্চালক আৰু অংশীদাৰ কৌস্তুভ বাৰ্মাই আঁতধৰা পেনেল আলোচনাত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ড° ৰঞ্জিৎ ৰথ, নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, কেয়ার্ন বেদান্তৰ হেড অব এক্সপ্ল’ৰেশ্যন ড° ষ্টিফেন ছেম আলগাৰ, মেথিছন হাইড্ৰ’জেন প্রাইভেট লিমিটেডৰ সঞ্চালক আৰু কাউন্ট্রি হেড সৌগাতা ঘোষান্দ, আদানী টোটেল গেছ লিমিটেডৰ মুখ্য কার্যবাহী বিষয়া সুৰেশ মাংলানী উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানত অসমৰ চৰকাৰৰ খনি আৰু খনিজ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আদৰণি ভাষণ প্ৰদান কৰে।