বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত কলাগুৰু বিষ্ণুৰাভা দিৱস পালন

গুৱাহাটী, ২০ জুন, NKTV: সমগ্ৰ ৰাজ্যৰ লগতে আজি বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰতো ৰামসৰস্বতী সাহিত্য সভাই ৫২সংখ্যক কলাগুৰু বিষ্ণুৰাভাৰ স্মৃতি দিৱস উদযাপন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিছব্বিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কৰে। উল্লেখযোগ্য যে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতিদিৱসৰ লগত সংগতি ৰাখি “ৰামসৰস্বতী সাহিত্য সভা,ছমৰীয়া সত্ৰ”ৰ উদ্যোগত “কলহীৰ চিঞৰ” শীৰ্ষক এখনি ছপা আলোচনী শুভ উন্মোচন কৰা হয়। উল্লেখ্য যে, ৰাম সৰস্বতী সাহিত্য সভাৰ এই ক্ষুদ্ৰ প্ৰয়াসে সমূহ পাঠক-পাঠিকা সকলৰ লগতে অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হ’ব।অনাগত দিনত এনেদৰে আৰু দুখোজ আগবাঢ়ি যাবলৈ অসমবাসী ৰাইজৰ সহায়-সহযোগিতা উদ্যোক্তা সমিতিয়ে কামনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...