ছেইফ আলী খানৰ ঘৰত কাম কৰা দাসীক জেৰা আৰক্ষীৰ…

মহানগৰীৰ অন্যতম অভিজাত অঞ্চল বান্দ্ৰাৰ ঘৰৰ ভিতৰত ছেইফ আলী খানক এজন লোকে ছয়বাৰকৈ ছুৰীৰে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অভিযুক্তৰ সন্ধানত আৰম্ভ হৈছে অনুসন্ধান। সমগ্ৰ ঘটনাটোত বহু ৰহস্য আৰু প্ৰশ্নৰ উত্থাপিত হৈছে।

এনডিটিভিৰ প্ৰতিবেদন অনুসৰি খানৰ গৃহকৰ্মীয়ে অভিযুক্তক চিনি পোৱা বুলি দাবী কৰিছে আৰক্ষী সূত্ৰই। দাসীৰ সহায়ত অভিযুক্তই ঘৰত প্ৰৱেশ কৰিছিল নেকি? এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি দাসীগৰাকীক জেৰা আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে। সেই নিশা আচলতে কি হৈছিল? আৰক্ষীয়ে এই ঘটনাৰ ‘লিড’ বিচাৰিছে। এই পৰ্যন্ত খবৰ অনুসৰি ছেইফ আলী খানৰ ঘৰৰ ভিতৰৰ চিচিটিভি কেমেৰাত দেখা গৈছে যে ঘটনাৰ ২ ঘণ্টা পূৰ্বেও কোনো লোকক সেই স্থানত প্ৰৱেশ কৰা দেখা নগ’ল। গতিকে, তাৰ বহু আগতেই আক্ৰমণকাৰীয়ে ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰিছিল নেকি? ছেইফক আক্ৰমণ কৰিবলৈ তেওঁৰ গোপন পৰিকল্পনা আছিল নেকি? এনে বহু প্ৰশ্নই চৰ্চালৈ আহিছে। খানৰ দৰে অভিনেতাৰ ঘৰৰ নিৰাপত্তাকলৈও প্ৰশ্ন উত্থাপন হৈছে। জানিব পৰা মতে, পুৱা ২:৩০ বজাত খানৰ ঘৰত সংঘটিত হয় এই ঘটনা। অভিনেতাগৰাকী সম্প্ৰতি লীলাৱতী হাস্পতালত ভৰ্তি হৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মাৰ্ক উডৰ

ইংলেণ্ডৰ তাৰকা পেচ বলাৰ মাৰ্ক উডে ৩৬ বছৰ বয়সত...

বিজেপি ত্যাগ সংগীত শিল্পী সীমান্ত শেখৰৰ; বিজেপিৰ সকলো পদ ত্যাগ সংগীত শিল্পীগৰাকীৰ

বিজেপিৰ সকলো পদ ত্যাগ সীমান্ত শেখৰৰ, এৰিলে চলচ্চিত্ৰ বিত্ত...

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...