মহাকাশ গৱেষণাত ভাৰতৰ বৃহৎ সাফল্য

মহাকাশতে ইছৰ’ই সংযুক্ত কৰিলে দুটা উপগ্রহ

SDX01 আৰু SDX02 এই দুটা উপগ্রহ মহাকাশতে হ’ল সংলগ্ন

আমেৰিকা-ৰাছিয়া-চীনৰ পাছত এই সাফল্য পোৱা চতুৰ্থখন দেশ ভাৰত

পৃথিৱীৰ পৰা প্ৰায় ৪৭৫ কিলোমিটাৰ উচ্চতাত এই বিৰল সাফল্য

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মহাকাশ অনুসন্ধান আৰু গৱেষণাৰ ক্ষেত্রত লাভ কৰিছে বৃহৎ সফলতা। মহাকাশলৈ প্ৰেৰণ কৰা দুটাকৈ উপগ্রহ মহাকাশতে সংযুক্ত কৰি এক বিৰল সাফল্য অৰ্জন কৰিছে ইছৰ’ই। ইছৰ’ক এই সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ লগতে বিজ্ঞানী মহলেও জনাইছে উষ্ণ আদৰণি।

যোৱা ৩০ ডিচেম্বৰত PSLV 360 ৰকেটৰ জৰিয়তে ইছৰ’ই প্রেৰণ কৰিছিল দুটাকৈ উপগ্রহ

SDX01 আৰু SDX02 এই দুটা উপগ্রহ ১৮ দিনৰ পাছত মহাকাশতে সংযুক্ত হ’ল অত্যাধুনিক প্রযুক্তিৰে

বৃহস্পতিবাৰে পুৱা এই বৃহৎ সাফল্য অৰ্জন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ

SpaDex শীৰ্ষক এই অভিযানৰ সাফল্যৰ জৰিয়তে ভাৰত সোমাল এটা বিশেষ ক্লাবত

ভাৰতৰ পূৰ্বে এই সাফল্য আমেৰিকা, ৰাছিয়া আৰু চীনৰ

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মহাকাশত দুৰ্বাৰ গতিত পৰিভ্রমণ কৰা এই দুয়োটা উপগ্রহ পৰস্পৰৰ পৰা প্রায় ৩ মিটাৰ দূৰত্বলৈ আনি অৱস্থান কৰোৱাত সক্ষম হৈছিল ইছৰ’। এই সাফল্যৰ ফলত ভৱিষ্যতৰ মহাকাশ অভিযানসমূহত এই প্রযুক্তি ব্যৱহাৰ কৰাত সুবিধা হ’ব ভাৰতৰ। বিশেষকৈ ভাৰতৰ ভৱিষ্যতৰ চন্দ্র অভিযান, চন্দ্রপৃষ্ঠৰ পৰা নমুনা সংগ্রহ তথা ভাৰতৰ প্ৰস্তাৱিত মহাকাশ কেন্দ্রৰ বাবে সুবিধাজনক হ’ব এই প্ৰযুক্তি। ইয়াৰ উপৰি দুয়োটা উপগ্রহৰ মাজত বৈদ্যুতিক শক্তিৰ বিনিময়ৰ লগতে উপগ্রহ দুটা পৃথকীকৰণ সন্দৰ্ভতো চলিব সম্পৰীক্ষা। অহা দুটা বছৰলৈ অব্যাহত ৰ’ব এই অভিযান। এই সাফল্যৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ থাকিল আমাৰো উষ্ম অভিনন্দন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...