নিচাসক্ত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। পত্নীক ডিঙি চেপি হত্যাৰ অভিযোগ স্বামী পুষ্প গগৈ বিৰুদ্ধে

দুলীয়াজানত পাৰিবাৰিক সংঘাতৰ বিষম পৰিণতি । স্বামীয়ে ডিঙি চেপি পত্নীক হত্যা কৰাৰ অভিযোগ। দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ ১নং খেৰেমীয়া গাঁৱৰ চাঞ্চল্যকৰ ঘটনাই উত্তেজনাই বিৰাজ কৰিছে। নিচাসক্ত স্বামী পুষ্প গগৈৰ হাতত প্ৰাণ গ’ল ৩ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ পুনম চুতীয়াৰ। ঘটনা অনুসৰি পুষ্প গগৈৰ সৈতে ২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিল দুয়ো। বিবাহৰ পাছতে দুয়োৰে মাজত প্ৰায়ে হৈছিল কাজিয়া। পুষ্প‌ই সুৰাপান কৰি প্ৰায়ে পত্নী পুনমক মাৰধৰ কৰি আহিছিল। ইয়াৰ পিছতে পত্নী আৰু ৩ বছৰীয়া পুত্ৰক এৰি কৰ্ম সূত্ৰে দিল্লীলৈ গৈছিল পুষ্প‌ই । বৃহস্পতিবাৰে দিল্লীৰ পৰা অহাৰ পাছত পুনৰ কাজিয়াত লিপ্ত হৈ নিচাসক্ত পুষ্প‌ই হত্যা কৰিলে পত্নীক। পুষ্প‌ই হত্যা কৰি শুক্ৰবাৰে পুৱা ডিব্ৰুগড়ৰ এখন চিকিৎসালয়লৈ লৈ যায় পত্নীক । কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। দুলীয়াজান আৰক্ষীয়ে পত্নী হত্যাৰ অভিযোগত স্বামী পুষ্প গগৈক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে। শনিবাৰে পুনম চুতীয়াৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতে পুনমৰ পৰিয়াল তথা গাঁৱৰ ৰাইজে মৃতদেহটো ১ নং খেৰেমীয়া গাঁৱৰ পুষ্প গগৈৰ ঘৰলৈ লৈ আহে । ক্ষোভিত ৰাইজে পুনমৰ মৃতদেহটো স্বামী পুষ্প গগৈৰ ঘৰৰ পাছফালে সৎকাৰ কৰাৰ লগতে একে সময়তে স্বামী গৃহৰ চোতালত পুনমৰ স্মৃতিত সমাধি নিৰ্মাণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...