ৰাজ্যজুৰি ভোগালীৰ প্ৰস্তুতি, ক’ত কি আয়োজন?

হিম চেচা কুৱঁলীৰ আচ্ছাদনে কঢ়িয়াই আনিছে উৎসৱৰ বতৰা। ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ৰাজ্যজুৰি চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। হাজাৰ বাধা বিঘিনি, অসূয়া অপ্ৰীতিৰ মাজতো মানুহবোৰে কিছু সুখী হবলৈ শিকিছে। ৰাজ্যবাসীয়ে টঙালি বান্ধিছে হেঁপাহৰ ভোগালী বিহুটি ভোগে সুখে উদযাপন কৰিবলৈ। তিনিটা বিহুৰ ভিতৰত অন্য এটা বিহু হল ভোগালী বিহু। এই বিহুতে প্ৰকাশ পায় অসমীয়া মানুহৰ খাদ্য ৰসিকতা। তৰহে তৰহে খাদ্য ওলায়। ভড়ালত লখিমী, আখলত সু- স্বাদু ব্যঞ্জন। পথাৰত নাচি-বাগি মতলীয়া গাঁৱৰ ৰাইজ। পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত গাঁৱৰ জীয়ৰী বোৱাৰী।

এই দৃশ্য অভয়াপুৰীৰ। হেঁপাহৰ ভোগালী বিহুটি আদৰিবলৈ সাজু হৈছে অভয়াপুৰীবাসী। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে সকলো। ব্যস্ততাৰ অন্ত নাই কনিষ্ঠজনৰ পৰা জ্যেষ্ঠজনলৈ।

এই দৃশ্য আকৌ বঙাইগাঁও জিলাৰ টেঙাইগাঁৱৰ। ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে সকলো। লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে সকলো।

দুধনৈৰ গুৱাবাৰীতো চলিছে ভোগালী বিহুক আদৰাৰ আয়োজন৷ অঞ্চলটোৰ যুৱকসকল একলগ হৈ সাজিছে ভেলাঘৰ৷ মুঠতে গুৱাবাৰীতো চলিছে ভোগালীৰ ব্যাপক আয়োজন।

জাগীৰোডতো হেঁপাহৰ ভোগালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি। জাগীৰোডৰ নখোলাত পিঠা-পনা বনোৱাত ব্যস্ত হৈ পৰিছে জীয়ৰী-বোৱাৰী।

ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰি, কলিয়াবৰ, লংকা, মাজুলী, মঙলদৈতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। পিছ পৰি ৰোৱা নাই নগৰবেৰা, চামগুৰি, টিংখঙো। এনেকৈয়ে আগবাঢ়িছে প্ৰত্যেকজন অসমীয়াই আপোন ভোগালী বিহুটিৰ আদৰিবৰ বাবে। পুহ গৈ মাঘ হ’ব, অগ্নি দেৱতাৰ বল বাঢ়িব। মেজিৰ জুয়ে সমৃদ্ধ কৰিব প্ৰত্যেকজন অসমীয়াক । সকলোৱে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে এইদৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...