সমগ্ৰ উত্তৰ ভাৰতত ডাঠ কুঁৱলীৰ আচ্ছাদন

সমগ্ৰ উত্তৰ ভাৰতত ডাঠ কুঁৱলীৰ আচ্ছাদন। ৭.৬ ডিগ্ৰী চেলছিয়াচলৈ নামিছে তাপমাত্ৰা। দিল্লীকে ধৰি বহু ঠাইত শূন্যলৈ নামিছে দৃশ্যমান। ইন্দিৰা গান্ধী বিমান বন্দৰত ২ শতাধিক বিমানৰ চলাচল বিলম্বিত। বাধাপ্ৰাপ্ত হৈছে যাত্ৰীবাহী ৰে’লৰ চলাচলো। যোৱা ৫ দিন ধৰি ৰাষ্ট্ৰীয় ৰাজধানীত অব্যাহত আছে প্ৰচণ্ড শীত, সমগ্ৰ আকাশ ঢাকি ৰাখিছে ডাঠ কুঁৱলীয়ে। কুঁৱলীৰ বাবে বহু অঞ্চলত শূন্যলৈ নামিছে দৃশ্যমান। ফলস্বৰূপে শুকুৰবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত বিলম্বিত হয় ২০২খন বিমানৰ চলাচল। দিল্লীমুখী কমেও ২৪খন যাত্ৰীবাহী ৰে’ল চলাচল কৰে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ। ডাঠ কুঁৱলীৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰা হয় দিল্লী, লক্ষ্ণৌ, বেংগালুৰু, অমৃতসৰ, গুৱাহাটীকে ধৰি দেশৰ কেবাখনো চহৰত। শুকুৰবাৰে পুৱাৰ ভাগতে দিল্লীৰ পালাম আৰু ছফদৰজং বিমানকোঠত দৃশ্যমান হ্ৰাস পায় ৫০ মিটাৰলৈ। দুয়োটা বিমান কোঠতে বন্ধ ৰখা হয় বিমানৰ চলাচল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, শুকুৰবাৰে দিল্লীৰ সৰ্বোচ্চ তাপমান ১৬ ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন ৭.৬। ৮ জানুৱাৰীলৈকে ডাঠ কুঁৱলীয়ে ঢাকি ৰাখিব ৰাজধানী দিল্লীৰ আকাশ। ৬ জানুৱাৰীত দিল্লীসহ বহু অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা। শুকুৰবাৰে একেৰাহে পঞ্চম দিনলৈ ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰচণ্ড শীত। ডাঠ কুঁৱলীৰ বাবে প্ৰভাৱিত হৈছে স্পাইছজেট, ইণ্ডিগ’, এয়াৰ ইণ্ডিয়াৰ কেবাখনো বিমানৰ উৰণ। প্ৰতিটো বিমান সংস্থাই যাত্ৰীৰ বাবে জাৰি কৰিছে বিশেষ সতৰ্কতা। কেৱল বিমানেই নহয়, প্ৰতিকূল বতৰৰ বাবে বিঘ্নিত হৈছে যাত্ৰীবাহী ৰে’লৰ চলাচলো। নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ চলিছে কেবাখনো যাত্ৰীবাহী ৰে’ল? কেৱল উত্তৰ ভাৰতে নহয়, প্ৰতিকূল বতৰৰ প্ৰভাৱ পৰিছে দেশৰ অন্যান্য ৰাজ্যতো। হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, পাঞ্জাব, হাৰিয়ানা, কৰ্ণাটক, মহাৰাষ্ট্ৰকে ধৰি সকলো ৰাজ্যতে নিম্নমুখী হৈছে পাৰাস্তম্ভ। নৱবৰ্ষৰ আৰম্ভণিতেই ধৰাৰ বুকুলৈ নামিছে প্ৰচণ্ড শীত। ডাঠ কুঁৱলীয়ে আৱৰিছে প্ৰকৃতি। ঘন কুঁৱলীৰ বাবে অস্পষ্ট হৈ পৰিছে দূৰৰ দৃশ্য। পুৱাৰ ভাগত চকুৰে মনিব নোৱাৰা পৰিৱেশ চৌদিশে। ঘন কুঁৱলীয়ে ব্যাহত কৰিছে স্বাভাৱিক জনজীৱন। গুৱাহাটী মহানগৰীতো ডাঠ কুঁৱলীৰ আচ্ছাদন। দৈনিক হ্ৰাস পাইছে গুৱাহাটীৰ তাপমাত্ৰা। জুই ধৰি শীত নিবাৰণৰ চেষ্টা একাংশ মহানগৰবাসীৰ। ঠেটুৱৈ লগা জাৰত ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা সাধাৰণ লোকৰ। পুৱাৰ ভাগত শূণ্য জনপথে দিলে তাৰেই প্ৰমাণ। ইপিনে ঘন কুঁৱলীয়ে আৱৰিছে ব্ৰহ্মপুত্ৰ। প্ৰভাৱিত কৰিছে যাতায়াতৰ ক্ষেত্ৰত। পুৱাৰ ভাগত কুঁৱলীৰ বাবেই বহু পলমকৈ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। যথেষ্ট সমস্যাৰ সন্মুখীন হয় দৈনিক পাৰাপাৰ হোৱা যাত্ৰীসকল।

ইপিনে কুঁৱলীৰ বাবেই বিমান, ৰে’ল চলাচলতো বাধা। বিলম্ব হৈছে দূৰণি-বটীয়া বহু ৰে’ল, বিমানৰ যাত্ৰা। ৰে’ল ষ্টেচনত বহু পৰলৈ দেখা গ’ল কুঁৱলীৰ আৱৰণ। শীতৰ আগমনে এনেদৰে এতিয়া প্ৰভাৱিত কৰিছে সকলোকে। কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও শীতৰ আমেজো লৈছে বহুলোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...