স্তব্ধ ‘উৰন্ত শিখ’ৰ জীৱন ৰথ…

  • থমকিল উৰন্ত শিখৰ দৌৰ
  • ৯১বছৰ বয়সত স্তব্ধ দুৰন্ত মানৱৰ জীৱনৰ ৰথ
  • কিম্বদন্তী স্প্ৰিণ্টাৰ মিলখা সিঙৰ মহাপ্ৰয়াণ
  • শোকস্তব্ধ দেশৰ ক্ৰীড়া মহল
  • কমনৱেলথ গেমছৰ স্বৰ্ণবিজয়ী দৌৰবিদৰ মৃত্যুত মৰ্মাহত দেশবাসী
Milkha Singh

সম্পূৰ্ণ একমাহ জীৱন মৃত্যুৰে যুঁজি যুঁজি অৱশেষত শুকুৰাবাৰে নিশা মৃত্যুক সাৱটিলে মিলখা সিঙে। চণ্ডীগড়ৰ পিজিআইএমইআৰ হাস্পতালত মৃত্য হয় দেশৰ তাৰকা স্প্ৰিণ্টাৰজনৰ। ট্ৰেকত উজলি ইতিহাস ৰচা মিলখাই হৰুৱাৱ নোৱাৰিলে কাল কৰনাক। ২০ মেত কৰনাত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হোৱা মিলখাৰ মৃত্যু পাঁচ দিনৰ পূৰ্বে সংগ এৰিছিল পত্নীয়েও। জীৱনসংগী নিৰ্মলা কৌৰো কভিডত আক্ৰান্ত হৈয়ে মৃত্য হয়। ১৯৬২ চনত প্ৰেয়সী নিৰ্মলা কৌৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল মিলখা সিঙ। জীৱনৰ বাটত নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি দেশবাসীক গৌৰান্বিত কৰা মিলখা সিঙৰ আছে এক সংগ্ৰামী জীৱনগাঁথা।
পাকিস্তানৰ ৰক্তাক্ত চৌপাশৰ সাক্ষী আছিল মিলখা সিং
অভিভাৱক অবিহনে শৰনাৰ্থী কেম্পৰ নৰক যন্ত্ৰনাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়াৰ অবুজ বালকজনে…
চকুৰ সন্মুখত হত্যা কৰা হৈছিল পিতৃ-মাতৃক, ‘ভাগ মিলখা ভাগ’ৰ ধ্বনিয়ে শিশুটোৰ অৱচেতন মনত কৰিছিল ক্ৰিয়া
সেই সময়ৰ…কাল হাতোৰাক ওফৰাই মিলখা সিং পৰিণত উৰন্ত মানৱত…

১৯৫৬চনত দেশক প্ৰথমবাৰলৈ অলিম্পকত প্ৰতিনিধিত্ব মিলখা সিঙৰ
১৯৫৮ৰ কমনৱেলথ গেমছত চেম্পিয়নৰ সন্মান
৪০০ মিটাৰ দৌৰত এচিয়ান গেমছত স্বৰ্ণ জয়েৰে অভিলেখ
১৯৫৮ আৰু ১৯৬২চনৰ এছিয়ান গেমচতো সোণৰ পদক অৰ্জন
১৯৫৬ৰ পিছত ১৯৬০ আৰু ১৯৬৪চনৰ অলিম্পিকত পুনৰ দেশক প্ৰতিনিধিত্ব

১৯৬০ৰ ৰোমত অনুষ্ঠিত অলিম্পিকত চতুৰ্থ স্থানত থমকিছিল মিলখা।যিটো আছিল দেশৰ ক্ৰীড়া ইতিহাসত এক ঐতিহাসিক মুহূৰ্ত। পদ্মশ্ৰী,অৰ্জুন বঁটাৰে সন্মানিত মিলখা সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে আগশাৰীৰ ক্ৰীড়াবিদৰ। ৰাজনৈতিক নেতাৰ পৰা উদ্যোগ পতিলৈ ,বোলছবি জগতৰ পৰা ক্ৰীড়া মহললৈ সকলোৱে একেমুখে কলে দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক হৈ ৰ’ব মিলখা সিং। তাৰকা স্প্ৰিণ্টাৰজনৰ জীৱন ভিত্তিক চিনেমা ভাগ মিলখা ভাগেও লাভ কৰিছিল ব্যাপক জনপ্ৰিয়তা। মিলখা সিঙৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল ফাৰহান আখটাৰে। মিলখা সিঙৰ মৃত্যু মানেই এটা যুগৰ অৱসান। ভাৰতীয় এথলেটিকছক বিশ্বত জিলিকাই তোলা মিলখা সিং হৈ ৰব সংগ্ৰামৰ অন্য নাম। দেশবাসীয়ে সোঁৱৰণ কৰি থাকিব স্প্ৰিণ্টাৰজনৰ অদ্বিতীয় সত্ত্বাক। মৃত্যৰ দিনা দেশবাসীৰ মুখে মুখে এটাই কথা – Legends Never die.

News Desk, NK TV

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...