ৰাজ্যত কেতিয়া হ’ব পঞ্চায়ত নিৰ্বাচন?

নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত হ’ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তৰ প্ৰাৰ্থী বাছনিক লৈ তৎপৰতা আৰম্ভ শাসক–বিৰোধীৰ। প্ৰতিটো দলেই পৃথকে পৃথকে এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলাৰ সম্ভাৱনা। বিজেপি মিত্ৰজোঁটৰ মাজতো ৰাজ্যিক ভিত্তিত নাথাকিব মিত্ৰতা। অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ কুছকাৱাজ কংগ্ৰেছ দলৰো। পঞ্চায়ত নিৰ্বাচনত কোন প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব কিমান টকা? প্ৰাৰ্থীৰ ব্যয় সন্দৰ্ভত বিশেষ নিৰ্দেশনা ৰাজ্যিক নিৰ্বাচন আয়োগৰ। জিলা পৰিষদ সদস্য পদৰ প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব সৰ্বাধিক ১০ লাখ টকা। আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব সৰ্বাধিক ২.৫ লাখ টকা। গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাথীয়ে ব্যয় কৰিব পাৰিব সৰ্বাধিক ২৫ হাজাৰ টকা। গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীসকলৰ বাবে নাথাকিব কোনো ৰাজনৈতিক প্ৰতীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...