তিনিচুকীয়াত বিয়াঘৰত অগ্নিকাণ্ড

বিয়াৰ আগদিনা দৰাঘৰত লাগিল জুই। হুৱাদুৱা লাগিল। তিনিচুকীয়াৰ আইন মহাবিদ্যালয় সমীপত ঘটিল এই ঘটনা। জুই নিৰ্বাপনৰ চেষ্টা চলালে ওচৰ চুবুৰীয়াই। অগ্নিনিৰ্বাপনৰ বাহিনী আহি জুই নিৰ্বাপন কৰাৰ লগতে উদ্ধাৰ কৰে আহতসকলক।

আহতসকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তিৰ পাছতে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ। বৰ্তমান সংকতজনক অৱস্থাত AMCHত চিকিৎসাধীন হৈ থকা ৩ গৰাকীৰ আৱস্থা অতি সংকতজনক

আহতসকল ৰেখা দেৱী, মঞ্জু দেৱী, কাৰ্তিক প্ৰসাদ, ৰীণা প্ৰসাদ, ঋষি প্ৰসাদ, শুভ শ্বাহ আৰু‌ পুনম দেৱী। কোঠাৰ ভিতৰতে আৱদ্ধ হৈ অগ্নিদগ্ধ হ’ল কেউগৰাকী। ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় জিলা আযুক্তই। অগ্নিকাণ্ডক লৈ এক তদন্তও ঘোষণা কৰে DC স্বপ্নীল পালে।

প্ৰাথমিকভাৱে শ্বৰ্ট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি একাংশই ধাৰণা কৰিছে। কিন্তু অগ্নকাণ্ডৰ মাজত হোৱা এক বিস্ফোৰণক লৈ সৃষ্টি হৈছে ৰহস্যৰ। বিয়াৰ বাবে ঘৰখনত আলহীৰো সমাৱেশ লৈছিল। কিন্তু উদুলি–মুদুলি হৈ থকা ঘৰখনলৈ নামি আহিলে হৃদয়বিদাৰক পৰিৱেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...