ডিব্ৰুগড় লাহোৱালৰ চেঁচা দলঙত অঘটন

ডিব্ৰুগড় লাহোৱালৰ চেঁচা দলঙত কাহিলি পুৱাতে অঘটন। নৈত পৰি এজন যুৱকৰ মৃত্যু, ৪জনক জীৱন্তে উদ্ধাৰ। নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা নৈত পৰে এখন মাৰুতি গাড়ী। স্থানীয় লোকৰ তৎপৰতাত ৪জনক উদ্ধাৰ। গুৰুতৰভাৱে আহত ৪জনক AMCHলৈ প্ৰেৰণ। দীৰ্ঘ সময় ধৰি সন্ধানহীন হৈ আছিল এজন যুৱক। SDRF, আৰক্ষী, স্থানীয় লোকৰ অভিযানত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। মৃত যুৱকজন ঈশান গগৈ বুলি চিনাক্ত। টেঙাখাটৰ তামুলীখাটৰ পৰা কইনা থ’বলৈ আহি ঘূৰি গৈছিল গাড়ীখন। লাহোৱালৰ পৰা টেঙাখাট অভিমুখী পথত এই অঘটন। AMCHত ভৰ্তি অখিৰাজ গগৈ, ত্ৰিদীপ গগৈ, লাটু গগৈ আৰু বিপ্লৱ গগৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১৫ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰবাবে নৰ্থ ইষ্ট ৰাইজিং কাপ ঘোষণা অসম ক্ৰিকেট সন্থাৰ

দেশৰ উত্তৰ-পূব অঞ্চলত তৃণমূল পৰ্যায়ৰ মহিলা ক্ৰিকেটৰ প্ৰসাৰ আৰু...

ভাৰত-পাকিস্তান সংঘাতত হস্তক্ষেপ নকৰে আমেৰিকাই

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে বৃহস্পতিবাৰে স্পষ্ট কৰিছে যে,...

যোগ অলিম্পিয়াড, ৩২গৰাকী প্ৰতিযোগীৰ মাজত মহাৰণ

ডায়েট ধেমাজিত বৃহস্পতিবাৰে জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াড অনুষ্ঠিত হয়।...

‘অপাৰেচন সিন্দূৰ’ৰ আঁৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন বিশ্বস্ত বিষয়া…

অপাৰেচন সিন্দূৰৰ সফলতাৰ আঁৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ...