আৰম্ভণিৰ দিনাই উত্তপ্ত সংসদৰ শীতকালীন অধিৱেশন

আৰম্ভণিৰ দিনাই উত্তপ্ত সংসদৰ শীতকালীন অধিৱেশন। আদানি গ্ৰুপৰ দুৰ্নীতিক লৈ সংসদত সৰৱ বিৰোধী। মণিপুৰৰ হিংসা, ৱাকফ বিধেয়কক লৈয়ো আলোচনাৰ দাবী বিৰোধীৰ। বিৰোধীৰ দাবীক লৈ হুলস্থুল, দুদিনলৈ স্থগিত উভয় সদন। সোমবাৰৰ পৰা আৰম্ভ হয় সংসদৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ আৰম্ভণিৰ দিনাই উত্তপ্ত হৈ পৰে সংসদৰ উভয় সদন। অধিৱেশনৰ কাম-কাজ আৰম্ভ হোৱাৰ পিছতে বিৰোধী INDIA ব্লকৰ সাংসদসকলে আদানী গ্ৰুপৰ দুৰ্নীতিক লৈ সদনত আলোচনাৰ দাবী জনায়। উল্লেখ্য যে সৌৰশক্তি প্ৰকল্পৰ ঠিকা লাভৰ আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে একাংশ চৰকাৰী বিষয়াক ২২০০ কোটি টকা উৎকোচ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এই সম্পৰ্কত ইতিমধ্যে মাৰ্কিন আদালতত আদানীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে। কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী INDIA ব্লকে এই সম্পৰ্কত সংসদত বিশদ আলোচনাৰ দাবী জনায়। কেবাকোটি বিনিয়োগকাৰীৰ স্বাৰ্থ জড়িত বিষয়টো সম্পৰ্কত আলোচনাৰ বাবে চৰকাৰ অমান্তি হোৱাত উত্তপ্ত হৈ পৰে সদনৰ পৰিস্থিতি। আদানী কাণ্ডই বিদেশত ভাৰতৰ ভাৱমূৰ্তি ম্লান কৰা বুলি প্ৰকাশ কৰি বিৰোধীয়ে সদনত বিস্তৃত আলোচনা বিচাৰে। মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতি আৰু এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতাক লৈয়ো সদনত সৰৱ হৈ পৰে বিৰোধী। আনহাতে, ৱাকফ সংশোধনী বিধেয়ক সম্পৰ্কত গঠিত যুটীয়া সংসদীয় কমিটীৰ ম্যাদ বৃদ্ধিৰ দাবীতো সৰৱ হৈ পৰে বিৰোধী। সংসদৰ উভয় সদনতে এই দাবীক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিৰোধীয়ে। ৰাজ্যসভাতো আদানীৰ দুৰ্নীতিক লৈ আলোচনাৰ দাবী জনায় বিৰোধী সাংসদসকলে। বিৰোধী সাংসদসকলে নিজৰ দাবীত অটল হৈ থকাত উভয় সদন অহা ২৭ নৱেম্বৰলৈ স্থগিত ৰখা হয়। ইপিনে, সদনৰ কাম–কাজ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে পৰম্পৰাগত ভাষণৰ জৰিয়তে বিৰোধীক সমালোচনাৰে থকা–সৰকা কৰে। ৰাইজে প্ৰত্যাখ্যান কৰা একাংশ লোকে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে সংসদত ‘গুণ্ডামি’ আৰম্ভ কৰা বুলি মন্তব্য কৰে মোদীয়ে। সংসদৰ কাম–কাজ সুচাৰুৰূপে চলাত অৱদান যোগোৱাৰ পৰিৱৰ্তে সংসদৰ কামত বাধা প্ৰদান কৰাটোৱে বিৰোধীৰ একমাত্ৰ লক্ষ্য বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...