পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ উদ্যোগত ৱাশ্বিংটন ডি চিত ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় দূতাবাসৰ সহযোগত আই আই টি,গুৱাহাটীৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ চিষ্টেম আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ উদ্যোগত যোৱা ২১ নৱেম্বৰত ৱাশ্বিংটন ডি চিত বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হয়। এক বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে আই আই টি, গুৱাহাটীৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ চিষ্টেমৰ নৱনিযুক্ত সন্মানীয় ফেল’ তথা শীৰ্ষ আৰক্ষী বিষয়া ড° পাৰ্থ সাৰথি মহন্তই।

ড° মহন্তই বিজ্ঞপ্তিটোত প্ৰকাশ কৰে যে পণ্ডিত হেমচন্দ্ৰ গোস্বামী মিছন ফৰ পপুলাৰাইজেশ্যন অৱ চায়েন্স এণ্ড আছামীজ কালচাৰৰ অধ্যক্ষ তথা ৱাশ্বিংটন নিৱাসী প্ৰতিষ্ঠিত চিকিৎসক ডা: নৱ গোস্বামীকে প্ৰমুখ্য কৰি বহু বিশিষ্ট প্ৰবাসী অসমীয়া তথা শিক্ষাৰ্থীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ডা: নৱ গোস্বামীয়ে তেঁওৰ ভাষণত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু ঐতিহ্যৰ কথা বৰ্ণনা কৰি অসমীয়া গামোচাখন কিদৰে স্বাধীনতা আন্দোলনত জাতিৰ পিতা মহাত্মা গান্ধীক পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে গুৱাহাটীত প্ৰদান কৰিছিল আৰু এই গামোচাখন শান্তিৰ প্ৰতীক হৈ পৰিছিল সেই কথা উল্লেখ কৰে । বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰীয়েও অসমীয়া গামোচাখনক সুকীয়া মৰ্যাদা দিয়া বুলি তেওঁ মন্তব্য কৰে । পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ সহধৰ্মিনীয়েও মহিলা সবলীকৰণকে ধৰি স্বাধীনতা আন্দোলনৰ বাবে নিজৰ গহনা দান দিয়াৰ কথা উল্লেখ কৰি ডা: গোস্বামীয়ে কয় যে এনে মহান অসমীয়া সকলৰ ত্যাগ আৰু ভাষা সাহিত্যৰ প্ৰতি অৰিহনাৰ বাবে অসমীয়া ভাষাই আজি ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে । তেওঁ ভাষণ প্ৰসংগত এই কথাও প্ৰকাশ কৰে যে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে পণ্ডিত হেমচন্দ্ৰ গোস্বামী লৈ লিখা এখন পত্ৰত উল্লেখ কৰিছিল যে পণ্ডিত গোস্বামীয়ে লিখা “কথাগীতা ” পঢ়াৰ পিছত তেওঁ উপলব্ধি কৰিছিল যে অসমীয়া ভাষা সাহিত্যই বঙালী সাহিত্যৰ বহু পূৰ্বে প্ৰতিষ্ঠা লাভ কৰিছিল।

এই অনুষ্ঠানত মাৰ্কিন যুক্তৰাষ্ট্ৰস্থিত শিক্ষাৰ্থীসকলক অসমীয়া ভাষাৰ গৌৰৱময় ইতিহাস আৰু বৰ্তমানৰ স্থিতি সম্পৰ্কে সঠিকভাৱে অৱগত কৰা হয় বুলি ড° মহন্তই জানিবলৈ দিয়ে । তেওঁ লগতে এই অনুষ্ঠানৰ সফলতাক যথেষ্ট আশাব্যঞ্জক বুলি প্ৰকাশ কৰি অনাগত দিনত এনেধৰণৰ ভালেমান কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলিও সদৰী কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...