বাইকত অহা ২ যুৱকে অপহৰণ কৰিলে মহিলাক

অপৰাধ আৰু অপৰাধীৰ নগৰীলৈহে যেন পৰ্যৱসিত হৈছে গুৱাহাটী মহানগৰী। গুৱাহাটীৰ পল্টনবজাৰত পুনৰ অপহৰণকাণ্ড। গৰ্ভৱতী মহিলাক অপহৰণ কৰিলে দুৰ্বৃত্তই। বাইকত অহা ২ যুৱকে অপহৰণ কৰে মহিলাগৰাকীক। পল্টনবজাৰৰ সমীপত থকা অটো ষ্টেণ্ডত সংঘটিত হৈছে এই ঘটনা। আলিপুৰ দুৱাৰৰ পৰা ডিমাপুৰৰ নিজ বাসগৃহলৈ আহি আছিল পতি-পত্নী। নিশা ট্ৰেইনৰ পৰা নামি ভাত খাবলৈ আহোতে অপহৰণ কৰে মহিলাগৰাকীক। পত্নীক অটো ষ্টেণ্ডৰ কাষত ৰাখি স্বামীয়ে ষ্টেচনৰ পৰা আনিবলৈ গৈছিল বেগ। সেইসময়তে বাইকত অহা ২ যুৱকে উঠাই লৈ যায় মহিলাগৰাকীক। ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত গোচৰ ৰুজু ভুক্তভোগী স্বামীৰ। বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। CCTVৰ ফুটেজ সংগ্ৰহ নকৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...