পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা

পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা। দেওবাৰে পুৱাৰ ভাগত দিল্লীৰ বিভিন্ন অঞ্চলত বায়ু মান সুচকাংক ৫০০লৈ বৃদ্ধি পায়। অক্ষৰধাম আৰু আনন্দ বিহাৰ অঞ্চলত বায়ুৰ গুণগতমান আছিল ৫৩২। ৰাজধানী চহৰখনৰ অন্যান্য অঞ্চলতো বায়ু গুণগতমান আছিল ৩০০ৰ পৰা ৪০০লৈকে। দীপাৱলীৰ পিছতে দিল্লীৰ বিভিন্ন অঞ্চলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ উদ্বিগ্ন হৈ পৰিছে দিল্লী প্ৰশাসন। ৰাজধানী চহৰখনৰ বায়ুৰ গুণগত মান ইমানেই নিম্ন হৈ পৰিছে যে ইয়াক ইতিমধ্যে অতি বিপদজনক আখ্যা দিছে পৰিৱেশবিদসকলে। ইয়াৰ লগে লগে যমুনা নদী ঢাকি ধৰিছে ফেনৰ আৱৰণে।

নদীৰ বুকুলৈ যেন নামি আহিছে শুভ্ৰ মেঘ। চট পূজাৰ পূৰ্বে যমুনা নৈৰ এই ভয়াৱহ ৰূপ দেখি চিন্তিত হৈ পৰিছে প্ৰশাসন। নৈৰ বুকুৰ পৰা ফেনসমূহ নাইকীয়া কৰিবলৈ স্প্ৰে কৰা হৈছে ৰাসায়নিক পদাৰ্থ। যমুনা নৈ পৰিস্কাৰ কৰাৰ বাবে এটা পৃথক গোট গঠন কৰিছে দিল্লী জল বোৰ্ডে। পৰিৱেশবিদসকলে প্ৰকাশ কৰা মতে, ৰাজধানী দিল্লীকে ধৰি কাষৰীয়া অঞ্চলসমূহত থকা বিভিন্ন কাৰখানাৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থসমূহ যমুনা নৈৰ পানীত মিহলি হোৱাৰ বাবে এই ফেনৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও যমুনানৈৰ বুকুত এনে বগা ফেনৰ আৱৰণ দেখা গৈছিল।

Popular

More like this
Related

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন। চাংসাৰিৰ চৌকীগে’টত উৰণ...

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...