সিংহলী ভাষাত গুৰুজনাৰ অমৰ সৃষ্টি

কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰই আজি প্ৰথমবাৰৰ বাবে শ্ৰীলংকাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন কৰে। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱৰ ”নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা” বৰগীতটি সিংহলী ভাষাত অনুবাদ কৰাৰ লগতে সিংহলী ভাষাত পৰিবেশন কৰা হয়। এইয়া হয়তো প্ৰথমবাৰৰ বাবে কোনো বিদেশী ভাষাত বৰগীত মূল আৰু অনুবাদিত সংস্কৰণত ৰেকৰ্ডিং কৰা হৈছে। শ্ৰীলংকাত ভাৰতৰ উপ-উচ্চায়ুক্ত ড° সত্যঞ্জল পাণ্ডেই আনুষ্ঠানিকভাৱে সিংহলী ভাষাত পৰিবেশিত বৰগীতৰ চিডিখন মুকলি কৰে। কলম্বোৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তই পৰিচালনা কৰা বৰগীতৰ ৰেকৰ্ডিঙটিত মূলভাষাত পৰিবেশন কৰিছে আৰু খোল বজাইছে। বৰগীতটি অনুবাদ কৰিছে কেলানিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক উপুল ৰঞ্জিত হেৱাৱিটানগমগেয়ে। সিংহলী সংস্কৰণটো কলম্বোৰ সৌন্দৰ্য বিশ্ৱবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা অসীথ আটাপাট্টুৱে গাইছে আৰু এছৰাজ পমলকা মনুজিথ কৰুণানায়কে আৰু বাঁহী দিনাঞ্জনা মাদুছাংকাই পৰিবেশন কৰিছে। সংগীতৰ ব্যৱস্থাপনা আৰু বাণীবন্ধন মিলিণ্ডা টেনাকুন আৰু ডেভিন ডি আলৱিছৰ। অনুষ্ঠানত শ্ৰীলংকাৰ পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক প্ৰধান অধ্যাপক অনুৰা মানটুংগা, লংকা আই অ’ চিৰ পৰিচালন সঞ্চালক দীপক দাস, ছাৰ্ক সাংস্কৃতিক কেন্দ্ৰৰ উপ-সঞ্চালক ড০ বিনা গান্ধী দেউৰীয়ে ভাৰতৰ কলা আৰু নান্দনিক দিশত শ্ৰীমন্ত শংকৰদেৱ আৰু মদাবদেৱৰ অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়।

Popular

More like this
Related

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...

দুৰ্গা পূজাস্থলীত দুৰ্বৃত্তৰ তাণ্ডৱ

দুৰ্গা পূজাস্থলীত পেট্র’ল বোমা নিক্ষেপ। ভক্তক ছুৰিকাঘাত। এইবাৰ পূজা...

ভাওনাৰ মাজতে ভাৱৰীয়াৰ চুলিত লাগিল জুই

নাৰায়ণপুৰৰ জয়পুৰত ভাওনা চলি থকাৰ মাজতে অঘটন। ৰাম বিজয়...