ৰাছিয়ান ৰাষ্ট্ৰপতিৰ বাবে সোণ খচিত SUNGLASS!

গুৱাহাটী, ১৮ জুন, NKTV: আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনলৈ আগবঢ়ালে এক বিশেষ উপহাৰ। ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনক আগবঢ়ালে এযোৰ বিশেষ কাষ্টম এভিয়েটৰ ছান গ্লাছ। Concorde style কোম্পানীয়ে প্ৰস্তুত কৰিছে এই বিশেষ ছানগ্লাছ যোৰ। ছানগ্লাছ যোৰৰ সন্দৰ্ভত Concorde style নামৰ কোম্পানীটোৱে নিজৰ ব্লগত এই ছানগ্লাছযোৰৰ বিশেষত্বৰ কথা উল্লেখ কৰি লিখিছে যে, এই ছান গ্লাছত ২৩ কেৰেট সোণ ব্যৱহাৰ কৰা হৈছে, লগতে এই ছান গ্লাছযোৰত আছে ৫৭এম এম আমেৰিকান গ্ৰে লেঞ্চ। এক সুকীয়া বিশেষত্ব দিবলৈ এই বিশেষ ছানগ্লাছ যোৰৰ সো লেঞ্চ আৰু টেম্পলৰ ভিতৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কৰা স্বাক্ষৰ। চলিত সপ্তাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক সাক্ষাতৰ পিছত এই উপহাৰটি আগবঢ়াইছিল । হোৱাইট হাউছে সদৰি কৰা মতে, দুয়োজন ৰাষ্ট্ৰপতি লগ হোৱাৰ সময়ত বাইডেনে Randolph Engineeringএ বিশেষভাৱে প্ৰস্তুত কৰা এই বিশেষ ছানগ্লাছ যোৰ পুটিনলৈ আগবঢ়াইছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বুধবাৰৰ পৰা আৰম্ভ অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ ৰঙালী বিহু

“হাঁচতি ঐ চ’তবিচতি ঐ চ’তবুধে বিৰচতি মঙলে উৰুকাবিহু গৈ...

অযোধ্যাৰ ৰাম মন্দিৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

অযোধ্যাৰ ৰাম মন্দিৰক লক্ষ্য কৰি ই-মেইলৰ জৰিয়তে বোমাৰ ভাবুকি...

ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ; ১৪ মে’ত শপতগ্ৰহণ

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ভূষণ...

Xৰ দৰে ছ’চিয়েল মিডিয়া নেটৱৰ্ক কোম্পানী আৰম্ভ কৰিব OpenAIয়ে

চ্যাটজিপিটিৰ নিৰ্মাতা OpenAIয়ে এতিয়া Xৰ দৰে এটা নিজস্ব ছ’চিয়েল...