যুদ্ধৰ ক’লা ডাৱৰে ঢাকি ধৰিছে মধ্যপ্ৰাচ্যৰ আকাশ

যুদ্ধৰ ক’লা ডাৱৰে ঢাকি ধৰিছে মধ্যপ্ৰাচ্যৰ আকাশ। গাজাত আৰম্ভ হোৱা যুদ্ধই এইবাৰ ক্ৰমাৎ ছানি ধৰিছে সমগ্ৰ মধ্যপ্ৰাচ্য। পৰিস্থিতিৰ সন্মুখীন হৈ ৪৫ বছৰৰ মূৰত সমুখ সমৰত লিপ্ত হৈছে ইৰান আৰু ইজৰাইল। গাজাত সন্ত্ৰাসবাদী সংগঠন হামাছ আৰু য়েমেনত হাউথিৰ বিৰুদ্ধে আক্ৰমণ অ‍ব্যাহত ৰখা ইজৰাইলী বাহিনীয়ে সম্প্ৰতি লক্ষ্য কৰি লৈছে লেবাননৰ হেজবোল্লাক। ধাৰাবাহিক ক্ষেপণাস্ত্ৰৰ আঘাতত প্ৰায় বিধ্বস্ত হৈ পৰিছে ৰাজধানী বেইৰুটসহ লেবাননৰ দক্ষিণ অঞ্চল। উত্তৰ লেবাননত পেলেষ্টাইনৰ শৰণাৰ্থী শিবিৰতো বোমাবৰ্ষণ কৰি আহিছে ইজৰাইলে। ইজৰাইলৰ ক্ষেপণাস্ত্ৰৰ আঘাতত লেবাননত নিহত লোকৰ সংখ্যাই অতিক্ৰম কৰিছে দুহেজাৰৰ ঘৰ। ধ্বংসস্তুপত পৰিণত হৈছে হেজবোল্লাৰ কেইবাটাও ঘাটি।

লেবাননত ক্ৰমাৎ তীব্ৰতৰ হৈছে ইজৰাইলী বাহিনীৰ আক্ৰমণ। ৰকেট ক্ষেপণাস্ত্ৰৰ আঘাতত ধ্বংসস্তূপত পৰিণত ৰাজধানী বেইৰুট। উত্তৰ লেবাননৰ শৰণাৰ্থী শিবিৰতো বোমাবৰ্ষণ ইজৰাইলৰ। নিহতৰ সংখ্যাই অতিক্ৰম কৰিছে ২০০০ৰ ঘৰ। শনিবাৰে নিশাৰ পৰাই বেইৰুটত ইজৰাইলী ক্ষেপণাস্ত্ৰৰ আক্ৰমণ। ধ্বংসস্তূপত পৰিণত হৈছে হেজবোল্লাৰ কেইবাটাও ঘাটি।

ইজৰাইলী বাহিনীৰ আক্ৰমণ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লেবাননত। ইজৰাইলী যুঁজাৰু বিমানে ৰাজধানী বেইৰুটৰ দক্ষিণ অঞ্চলৰ লগতে উত্তৰ অঞ্চলতো ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে। গাজাত হামাছৰ বিৰুদ্ধে আৰম্ভ হোৱা এই যুদ্ধ লেবানন হৈ ক্ৰমাৎ বিয়পি পৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যত। সন্ত্ৰাসবাদী সমূহৰ বিৰুদ্ধে আৰম্ভ হোৱা এই আক্ৰমণৰ সমান্তৰালকৈ সুদীৰ্ঘ ৪৫ বছৰৰ মূৰত সমুখ সমৰত লিপ্ত হৈছে ইৰান আৰু ইজৰাইল। লেবাননত ইজৰাইলী ক্ষেপণাস্ত্ৰৰ আঘাতত হেজবোল্লা বাহিনীৰ কেইবাটাও ঘাটি ধ্বংসস্তূপত পৰিণত হোৱা বুলি দাবী কৰিছে ইজৰাইলে। ইজৰাইলী সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে লেবাননত প্ৰৱেশ কৰাৰ পিছতে ইজৰাইলী স্থলসেনাৰ অভিযানত বৰ্তমানলৈকে নিহত হৈছে হেজবোল্লাৰ ৪৫০ৰো অধিক শীৰ্ষ নেতা আৰু সদস্য। ইয়াৰ ভিতৰত আছে সংগঠনটোৰ কমেও ৩০জন কামাণ্ডাৰ। দক্ষিণ লেবাননত হেজবোল্লাৰ ঘাটি সমূহলৈ লক্ষ্য কৰি ইজৰাইলী বাহিনীয়ে আৰম্ভ কৰিছে ৰকেট আৰু ক্ষেপণাস্ত্ৰৰ আক্ৰমণ। ইতিমধ্যে ইজৰাইলৰ আক্ৰমণত বেইৰুটত থকা হেজবোল্লাৰ মুখ্য কাৰ্যালয় ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে সংগঠনটোৰ মুৰব্বী হাছান নাছৰাল্লাও নিহত হৈছে। যোৱা কেইবাদিনো ধৰি ৰাজধানী বেইৰুটৰ লগতে লেবাননৰ আন অঞ্চলসমূহতো আক্ৰমণ অ‍ব্যাহত ৰাখিছে ইজৰাইলী বাহিনীয়ে। শনিবাৰে দক্ষিণ লেবাননত ইজৰাইলী বাহিনীয়ে চলোৱা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত নিহত হয় বহু সংখ্যক লোক। বেইৰুটৰ লগতে লেবাননৰ বিভিন্ন চহৰৰ পৰা প্ৰাণৰক্ষাৰ বাবে দেশ এৰিবলৈ সাজু হৈছে হাজাৰ হাজাৰ নাগৰিকে। বিশ্বৰ আন কেইবাখনো দেশে লেবাননত থকা তেওঁলোকৰ নাগৰিকসকলক উভতাই নিয়াৰ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালভাৱে ইৰানৰ ওপৰতো আক্ৰমণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ইজৰাইলী বাহিনীয়ে।

ইৰানক লৈ কি হ’ব পাৰে ইজৰাইলৰ ৰণনীতি? ইৰানৰ কোনবোৰ স্থানত আক্ৰমণ কৰিব ইজৰাইলে? অধিক ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা ইৰান–ইজৰাইল সংঘাত। কিছুদিন পূৰ্বে ইজৰাইলে চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে দিছিল ইৰানে। ইয়াৰ পিছতে ইৰানক এশিকনি দিবলৈ সাজু হৈছে ইজৰাইলী বাহিনী। ইতিমধ্যে এক নিখুত পৰিকল্পনাও প্ৰস্তুত কৰিছে ইজৰাইলে।

মোছাদৰ সহযোগত ৩ দিশৰ পৰা ইৰানত চলিব ইজৰাইলী আক্ৰমণ। ইজৰাইলৰ প্ৰথম লক্ষ্য হ’ব ইৰানী সেনাৰ ঘাটিসমূহ। এই ঘাটিসমূহতে আছে ইৰানৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰসমূহ। ইজৰাইলৰ ২য় লক্ষ্য হ’ব পাৰে ইৰানৰ পাৰমাণৱিক কেন্দ্ৰসমূহ। শক্তি উৎপাদনৰ লগতে পৰমাণু বোমা নিৰ্মাণৰ সন্দেহ ইৰানৰ বিৰুদ্ধে। ইজৰাইলৰ ৩য় লক্ষ্য হ’ব ইৰানৰ তেলৰ খনিসমূহ। তেল উদ্যোগ ধ্বংস হ’লেই ভাঙি পৰিব ইৰান অৰ্থনৈতিক আন্তঃগাঁথনি।

হেজবোল্লাৰ নিৰ্মূল কৰাৰ উদ্দেশ্য ইজৰাইলে আৰম্ভ কৰা এই যুদ্ধ লেবাননৰ জৰিয়তে বিয়পি পৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যত। ইয়াৰ সমান্তৰালভাৱে ইৰানৰ বিৰুদ্ধে ইজৰাইলে আৰম্ভ কৰা সামৰিক অভিযান অধিক বিপজ্জনক আৰু ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা আছে। কিয়নো ইজৰাইলৰ দৰেই অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰৰ লগতে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰটো ইৰানৰ স্থিতি যথেষ্ট শক্তিশালী। ২ দেশৰ মাজৰ এই সংঘাতে পূৰ্ণাংগ যুদ্ধৰ ৰূপ ল’লে অৰ্থনৈতিক আন্তঃগাঁথনিৰ লগতে অসামৰিক লোকসকলো ভাবুকিৰ সন্মুখীন হ’ব পাৰে।

Popular

More like this
Related

গুৱাহাটীত নিশা দুটাকৈ পথ দুৰ্ঘটনা, আহত কেইবাজনো

জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুত দেওবাৰে নিশা সংঘটিত হয় এক...

বিদেশ মন্ত্ৰী জয়শংকৰৰ ভ্ৰমণক লৈ তোলপাৰ পাকিস্তান

১৫–১৬ অক্টোবৰত বিদেশ মন্ত্ৰী এচ জয়শংকৰৰ পাকিস্তান ভ্ৰমণ নিশ্চিত...

হৰেন্দ্ৰনাথ বৰুৱা আছিল এজন মানৱতাবাদী জাতীয়তাবাদী

তেওঁৰ জাতীয়তাবাদ সংকীৰ্ণ নাছিল, অসমীয়া জাতিৰ সৰ্বাংগীন বিকাশেই আছিল...

অগ্নিদগ্ধ হৈ একে পৰিয়ালৰ ২ শিশুসহ ৭ জনৰ মৃত্যু

মুম্বাইত পুৱা ভয়ংকৰ অগ্নিকাণ্ড। চেম্বুৰৰ সিদ্ধাৰ্থ নগৰৰ এটা দুমহলীয়া...