স্কুল বাছ ভস্মীভূত হৈ মৃত্যু প্ৰায় ২৫ গৰাকী ছাত্ৰ–ছাত্ৰীৰ

থাইলেণ্ডত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। স্কুল বাছ ভস্মীভূত হৈ মৃত্যুক সাৱটিলে প্ৰায় ২৫ গৰাকী ছাত্ৰ–ছাত্ৰীয়ে। বেংককৰ উপকণ্ঠ অঞ্চলত মঙলবাৰে পুৱা সংঘটিত হয় এই ঘটনা। বাছখনত আছিল ছাত্ৰ–ছাত্ৰীসহ প্ৰায় ৪৪ জন যাত্ৰী। শিক্ষামূলক ভ্ৰমণৰ বাবে উথাই থানি প্ৰদেশৰ পৰা গৈছিল বাছখন। অগ্নিকাণ্ডৰ ফলত বাছখনৰ ভিতৰত আবদ্ধ হৈ পৰিছিল ছাত্ৰ–ছাত্ৰীসকল। জুয়ে বাছখন গ্ৰাস কৰাৰ সময়তে পলায়ন কৰে চালকজনে। বাছখনৰ এটা টায়াৰ বিস্ফোৰিত হোৱাৰ ফলতে এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...