লেবাননত অব্যাহত ইজৰাইলী বাহিনীৰ বিধ্বংসী আক্ৰমণ

হেজবোল্লা মুৰব্বীৰ হত্যাৰ পিছতো ক্ষান্ত হোৱা নাই ইজৰাইলী বাহিনী। ৰাজধানী বেইৰুটসহ লেবাননৰ কেবাখনো চহৰত বোমাবৰ্ষণ। বিধ্বস্ত বহু আৱাসিক অট্টালিকা, দেশ এৰিছে হেজাৰ হেজাৰ লোকে। যোৱা এসপ্তাহৰো অধিক দিন ধৰি লেবাননত আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলী বাহিনীয়ে। ৰাজধানী বেইৰটসহ লেবাননৰ কেবাখনো চহত আক্ৰমণ চলাই আহিছে ইজৰাইলে। হেজবোল্লাৰ মুৰব্বী হাছান নাছৰাল্লাৰ হত্যা আৰু বেইৰুটস্থিত সদৰ কাৰ্যালয় ধ্বংস হোৱাৰ পিছতো ক্ষান্ত হোৱা নাই ইজৰাইলী বাহিনী। ইজৰাইলী বায়ু সেনাৰ বোমাবৰ্ষণত ইতিমধ্যে ধ্বংসস্তুপত পৰিণত হৈছে লেবাননৰ বহু আৱাসিক অট্টালিকা। প্ৰাণৰ শংকাত দেশ এৰিছে হেজাৰ হেজাৰ লোকে। শেহতীয়াকৈ দেওবাৰে ইজৰাইলে চলোৱা বিধ্বংসী আক্ৰমণত লেবাননত শতাধিক লোক নিহত হোৱাৰ লগতে আহত হয় চাৰি শতাধিক লোক। ইপিনে, দেওবাৰে দক্ষিণ বেইৰুটত এক ধ্বংসস্তুপৰ পৰা উদ্ধাৰ কৰা হয় হেজবোল্লা মুৰব্বী হাছান নাছৰাল্লাৰ মৃতদেহ। মূলতঃ হেজবোল্লাৰ ঘাটিলৈ লক্ষ্য কৰি ইজৰাইলী বাহিনীয়ে চলোৱা এই আক্ৰমণ যে সহজে বন্ধ নহয় সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। লেবানন চৰকাৰে দাবী কৰা মতে, হেজবোল্লাৰ বিৰুদ্ধে ইজৰাইে চলোৱা বিমান আক্ৰমণত এহেজাৰৰো অধিক লোক নিহত হৈছে। আহত হৈছে আন ছহেজাৰৰো অধিক লোক। যোৱা সোমবাৰেই দক্ষিণ লেবাননত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয় প্ৰায় ৫০০ জন লোক। ইপিনে, লেবাননৰ লগতে য়েমেনতো আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলী বাহিনীয়ে। য়েমেনত হাউথী বিদ্ৰোহীৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ। য়েমেনৰ ৰাছ ইছা, হোদেইদা বন্দৰত বিমান আক্ৰমণ।
ইজৰাইলী আক্ৰমণত নিহত কেবাজনো লোক, বিধ্বস্ত বন্দৰ। ইজৰাইলৰ বিমানকোঠত হাউথীৰ আক্ৰমণৰ পিছতে এই প্ৰত্যাক্ৰমণ। এয়া আন এক বিশ্ব যুদ্ধৰ আৰম্ভণি নেকি?

Popular

More like this
Related

মণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযান

গৰৈমাৰীত গুণ্ডাৰাজমণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযানআকৌ আৰম্ভ হৈছে লাট-মণ্ডলৰ...

মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ!

মোবাইল আসক্তিৰ ভয়ংকৰ পৰিণতি। মোবাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই...

পুনৰ বিদেশ ভ্ৰমণলৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড'ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ...

ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ দৃষ্টিভংগী

‘অসমক মাহীআইৰ দৃষ্টিৰে চাই কংগ্ৰেছে’ছেমিকণ্ডাক্টৰে উদঙাইছে অসমৰ প্ৰতি কংগ্ৰেছৰ...